*বিজেপি দলক ৰোধ কৰাৰ বাবে মূল্যবোধৰ ৰাজনীতি কৰা সকলো দল-সংগঠনক 'আপ'ত চামিল হোৱাৰ আহবান*
আম আদমী পাৰ্টী,চমুকৈ 'আপ'ৰ ৰাষ্ট্ৰীয় তত্বাৱধায়কৰ উপস্থিতিত শনিবাৰে পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে শিৱসাগৰত এখন সংবাদ মেল সম্বোধন কৰে।ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সমন্বয়ক ভৱেন চৌধুৰীয়ে সম্বোধন কৰা সংবাদ মেলখনত আম আদমী পাৰ্টিয়ে ২০২১ চনত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনত অংশ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে।লগতে কয় যে ইতিমধ্যে অসমৰ ৮৪ টা বিধানসভা সমষ্টিত নিৰ্বাচনৰ বাবে আন্তঃগাঠনি সম্পূৰ্ণ কৰি দলটোৱে তৃণমূল পৰ্যায়ত স্থিতি সৱল কৰিছে।
অসমৰ ১২৬ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পৰিকল্পনা কৰা দলটোৱে অসমৰ মৌলিক সমস্যাবোৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ৰাইজৰ মাজলৈ আগবাঢ়ি যোৱাৰ পোষকতা কৰিছে।
দলটোৰ নেতা দুগৰাকীয়ে কয় যে দিল্লীৰ দৰে যৌথ শাসিত অঞ্চলত অৰৱিন্দ কেজৰিৱালৰ নেতৃত্বত আপ দলে যি সফলতা দেখুৱাবলৈ সক্ষম হৈছে,সেয়া মাত্ৰ মূল্যবোধৰ ৰাজনীতিৰ বাবে সম্ভৱ হৈছে।
দুৰ্নীতি আৰু লেতেৰা ৰাজনীতিৰ পৰা দূৰত থকা আপ দলেহে প্ৰকৃতাৰ্থত ৰাইজৰ উন্নয়ন সম্ভৱ কৰিব পাৰিব বুলি সংবাদ মেলত দাবী কৰি ৰাইজৰ সহযোগিতা কামনা কৰে।
অসমৰ মৌলিক সমস্যা,যেনে-বানপানী,বৃহৎ নদীবান্ধ,দৰিদ্ৰতা দূৰীকৰণ,নিবনুৱা সমস্যা সমাধান,দুৰ্নীতি নিৰ্মূলকৰণ আদি আদি হ'ব দলৰ প্ৰাথমিক লক্ষ্য।লগতে দলটোৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি এনে আইনৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰে।
ক'ভিড-১৯ ৰোগ নিৰাময়ৰ নামত বিজেপি দলৰ চৰকাৰে ভয়াৱহ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলি দলটোৰ নেতৃত্বই কয় যে অনাগত দিনত এইসমূহ দুৰ্নীতি ৰাইজৰ আগত ফাদিল কৰা হ'ব।
ক'ৰ'না ভাইৰাছ ৰোগৰ পৰা ৰাইজক মুক্ত কৰিবৰ বাবে দলে গাওঁ অঞ্চলত এটা সজাগতা অভিযান চলোৱাৰ লগতে অক্সিমিটাৰৰ সহায়ত ৰাইজৰ তাৎক্ষণিক স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসাৰ সহযোগিতা আগবঢ়াব।আনহাতে,আৰম্ভণিতে দলৰ ভিতৰত এটা খোৱা-কামোৰাৰ পৰিস্থিতি সৃষ্টি হোৱাক লৈ কৰা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দলৰ মুখপাত্ৰই কয় যে দলৰ মজিয়াত থাকি অনৈতিক সুবিধা লাভ কৰিবলৈ বিচৰা একাংশ লোকক বাধা প্ৰদান কৰাত তেনে এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে।সেইসকলক ইতিমধ্যে দলৰ পৰা বিদায় দিয়া বুলি দলীয় নেতৃত্বই সংবাদ মেলত স্পষ্ট কৰি দিয়ে।
- Log in to post comments
- 14 views