'স্বয়ম্' আঁঁচনিৰ অধীনত ২ লাখ নিবনুৱালৈ ৫০ হাজাৰকৈ টকা ৰাজ্য চৰকাৰৰ,কেনেকৈ পাব?

Dr.Himanta Biswa Sarma

*আঁচনিৰ বাবে ১০০০ কোটি টকা কৰা হৈছে ধাৰ্য*

২০১৭-১৮ বৰ্ষৰ বাজেটত ঘোষণা কৰা স্বামী বিবেকানন্দ যুৱ শক্তি যোজনা চমুকৈ স্বয়ম্ আঁচনিৰ অধীনত ৰাজ্যৰ দুই লাখ নিবনুৱালৈ সুখবৰ দিলে বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।'স্বয়ম্' আঁচনিৰ সংশোধন ঘটাই পোনপটীয়াকৈ ৰাজ্য চৰকাৰে ১০০০কোটি টকা তিনিমাহৰ ভিতৰত বিতৰণ কৰিব দুই লাখ যুৱক-যুৱতীৰ মাজত।এই কথা শুকুৰবাৰে জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ যে আঁচনিৰ সুবিধা লাভ কৰিবলৈ যুৱক-যুৱতীসকলৰ আত্মসহায়ক গোট থকাটো প্ৰয়োজন।যিসমূহ গোট চলিত বৰ্ষৰ পহিলা ছেপ্টেম্বৰ ভিতৰত আৰম্ভ কৰা,হৈছে সেই সকলোৱে কৰিব পাৰিব আবেদন।যুৱক-যুৱতীসকলক প্ৰদান কৰা পুঁজি পৰিশোধ কৰিব নালাগে চৰকাৰক-  জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

নিৰ্বাচিত গোটসমূহৰ প্ৰতিজন সদস্যক আঁচনিৰ অধীনত ৫০ হাজাৰকৈ টকা অনুদান প্ৰদান কৰিব।ইয়াৰ বাবে ৰাজ্যৰ বিত্ত বিভাগে ১৬ ছেপ্টেম্বৰত আৰম্ভ কৰিব এটা পৰ্টেল।উক্ত পৰ্টেলত কৰিব লাগিব আবেদন।পৰৱৰ্তী পৰ্যায়ত গোটসমূহৰ ঠিকনা মতে নিজ-নিজ জিলালৈ প্ৰেৰণ কৰা হ'ব আবেদনসমূহ।জিলা পৰ্যায়ত গঠন হ'ব এখন কমিটী।কমিটীয়ে নিৰ্বাচন কৰিব আবেদনকাৰী গোটসমূহক।গুৰুত্বপূৰ্ণ যে এই জিলা পৰ্যায়ত গঠিত কমিটীত নাথাকিব কোনো ৰাজনৈতিক নেতা। মন্ত্ৰীগৰাকীয়ে লগতে কয়।

আনহাতে,জিলা পৰ্যায়ত নিৰ্বাচন হোৱাৰ পিচতে তিনিদিনৰ বাবে দিয়া হ'ব প্ৰশিক্ষণ।প্ৰশিক্ষণৰ সময়ত দাখিল কৰিব লাগিব ব্যৱসায়ৰ পৰিকল্পনা।কৃষি,ঠিকা, উদ্যান শস্য সকলো কামত জড়িত হ'ব পাৰিব উক্ত আঁচনিৰ জৰিয়তে।

হিতাধিকাৰী হ'বলৈ প্ৰয়োজনীয় অৰ্হতা হ'ব মেট্ৰিক উৰ্ত্তীণ।বয়সৰ উৰ্ধসীমা ৪০ বছৰ।

মন্ত্ৰী শৰ্মাই গড়কাপ্তানী বিভাগৰ তৃতীয় শ্রেণীৰ সকলো ধৰণৰ ঠিকা উক্ত আঁচনিৰ হিতাধিকাৰীসকলক দিয়াৰ কথাও উল্লেখ কৰে।সৰ্বাধিক ৫০লাখ টকাৰ ঠিকা এইসকল লোকে কৰিব পাৰিব।

Your Comments