অসম পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদন দাখিল,শীঘ্ৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ ৰাজনৈতিক দল!

Pic

*অসমবাসীয়ে আশা কৰা ধৰণেৰে সময় সাপেক্ষ ফলাফল পাব- লুৰিনজ্যোতি গগৈ*


সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত গঠিত অসম পৰামৰ্শদাতা সমিতিয়ে বুধবাৰে দাখিল কৰিলে পৰামৰ্শৰ প্রতিবেদন।পাণবজাৰৰ হোটেল প্ৰাগ কন্টিনেলটেলত 'আছু'ৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ আৰু যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ হাতত দাখিল কৰে ৪৫ পৃষ্ঠাৰ পৰামৰ্শৰ প্ৰতিবেদন।প্ৰতিবেদনত সন্নিবিষ্ট আছে অসমৰ আৰ্থ-সামাজিক, ৰাজনৈতিক, শৈক্ষিক  সমস্যাৰ সমাধানৰ পৰামৰ্শসমূহ৷

নতুন ৰাজনৈতিক দল গঠন কৰাৰ পৰামৰ্শৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে একেলগে ৰাজনৈতিক যুদ্ধত অৱতীৰ্ণ হোৱাৰো পৰামৰ্শ প্ৰদান কৰিছে।

উল্লেখ যে ডঃ নগেন শইকীয়াৰ নেতৃত্বত গঠন হৈছিল অসম পৰামৰ্শদাতা সমিতি৷

গুৰুত্বপূৰ্ণ যে এপষেকৰ ভিতৰত গঠন হ'ব ৰাজনৈতিক দল।সমিতিৰ পৰামৰ্শ প্ৰতিবেদন গ্ৰহণ কৰি এই কথা আওপকীয়াকৈ প্ৰকাশ কৰিলে আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে।

"অসমৰ প্ৰয়োজনীয় ৰূপৰেখা আছে সমিতিৰ প্ৰতিবেদনত।ভালদৰে অধ্যয়ন কৰি অসমবাসীৰ ওচৰত ৰাজহুৱা কৰা হ'ব"- গগৈয়ে কয়।

"প্ৰতিবেদনত থকা সকলো কথা অতি শীঘ্ৰে ৰাইজে লাভ কৰিব।অসমৰ ৰাইজে আশা কৰা ধৰণেৰে সকলো লাভ কৰিব।সময়-সাপেক্ষ হ'ব সকলো"-লুৰিনজ্যোতি গগৈয়ে কয়।

Your Comments