অসম চৰকাৰে ৮ হাজাৰ নামঘৰত ২.৫০লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি কৰা ঘোষণাৰ বিৰোধিতা এজন ব্যক্তিৰ।সামাজিক মাধ্যম ফেচবুকত হাতত প্লে'কাৰ্ড প্ৰদৰ্শন কৰি যুক্তিৰে চৰকাৰৰ এই সিদ্ধান্তক বিৰোধিতা কৰিছে।ব্যক্তিগৰাকীৰ যুক্তিক বহুসংখ্যক লোকে সমৰ্থন কৰিছে।
বিশেষ ব্যক্তিজনৰ নাম হৈছে মন্টু বৰ্মন।গুৱাহাটীৰ বাসিন্দা বৰ্মনে প্লে'কাৰ্ডত চৰকাৰক আহ্বান জনাই লিখিছে এইদৰে-"নামঘৰ এটাক বাচনি কৰি মই ২.৫০ লাখ টকা দিম।বিনিময়ত চৰকাৰে সেই নামঘৰৰ এলেকাধীন সকলো নিবনুৱাকে সংস্থাপন দিয়ক।"
বৰ্মনৰ পোষ্টটোৰ আঁত ধৰি বহুজনে সমৰ্থন জনাই চৰকাৰক আহ্বান জনাইছে-"চৰকাৰে এই প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে"।অন্য বহুজনে নিজৰ নিজৰ অভিমত ব্যক্ত কৰিছে বিশেষ পোষ্টটোত।
গুৰুত্বপূৰ্ণ যে নিবনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা চৰকাৰখনে বিগত সময়চোৱাত নিবনুৱাৰ সংস্থাপন দিয়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছে।চৰকাৰৰ ব্যৰ্থতাবোৰ ঢাকিবলৈ নামঘৰত সাহায্য প্ৰদান কৰা বুলিও বহুজনে উল্লেখ কৰিছে।
- Log in to post comments
- 49 views