দেশত আজিৰে পৰা প্ৰযোজ্য আনলক-৪।বহুখিনি শিথিলতা আছে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনাত।দেশজুৰি প্ৰযোজ্য হ'ব শিথিলতাসমূহ।কিন্তু আজিৰে পৰা অসমত কাৰ্যকৰী নহ'ব আনলক-৪ৰ সুবিধাসমূহ।এই কথা জনালে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।পূৰ্বৰ ঘোষণা মতেই ৪ ছেপ্টেম্বৰলৈকে ৰাজ্যত প্ৰযোজ্য হ'ব আনলক-৩ৰ নিৰ্দেশনাসমূহ।
মুখ্য সচিবগৰাকীয়ে সোমবাৰে এটা নিৰ্দেশনাৰ জৰিয়তে ঘোষণা কৰিছে এই কথা।এই সময়ছোৱাত ৰাজ্যবাসীক ক'ভিডৰ নিয়মসমূহ মানি চলিবলৈ আহ্বান জনাইছে কৃষ্ণই।
গুৰুত্বপূৰ্ণ যে ৰাজ্যত শেহতীয়াভাৱে ক'ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি হৈয়ে আছে।কেন্দ্ৰৰ নতুন নিৰ্দেশনাত ৰাজ্যসমূহক নিজাকৈ লকডাউন ঘোষণাত বাধা আৰোপ কৰা হৈছে।
- Log in to post comments
- 28 views