২০২১বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ৰাজ্যৰ শিক্ষাৰ্থীলৈ 'ছেবা'ৰ সকাহ।অসম মাধ্যমিক শিক্ষা সংসদ,'ছেবা' কৰ্তৃপক্ষই গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।১০০ শতাংশ ছিলেবাছ পঢ়িব নালাগিব ছাত্ৰ-ছাত্ৰীয়ে।
'ছেবা'ৰ অধ্যক্ষ আৰ চি জৈনে কয়-"৭০ শতাংশ ছিলেবাছ পঢ়িলেই হ'ব ছাত্ৰ-ছাত্ৰীয়ে।অৰ্থাৎ ৩০ শতাংশ ছিলেবাছ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই।"
মঙলবাৰে বিদ্যালয়সমূহলৈ পিডিএফৰ জৰিয়তে ছিলেবাছ প্ৰেৰণ কৰা হ'ব।বৰ্তমান 'ছেবা'ৰ ৱেবচাইটত ছিলেবাছ উপলব্ধ হৈছে বুলিও তেওঁ লগতে কয়।
নৱম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰো ৩০ শতাংশ ছিলেবাছ কৰ্তন কৰিছে ছেবাই।
উল্লেখ যে বিগত মাৰ্চ মাহৰ পৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে বন্ধ হৈ আছে বিদ্যালয়।
- Log in to post comments
- 25 views