"চৰকাৰৰ আন্তৰিকতাৰ অভাৱত অসমবাসী বঞ্চিত হ'ল শুদ্ধ এনআৰচিৰ পৰা"-লুৰিনজ্যোতি গগৈ

Lurinjyoti Gogoi

*এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ এটা বছৰ সম্পূৰ্ণ*

"ঐতিহাসিক ছয় বছৰীয়া অসম আন্দোলনৰ পটভূমিত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ ফচল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ।অসমবাসীৰ তিনিটা দশকৰ অপেক্ষাৰ অন্তত ২০১৯ বৰ্ষৰ ৩১ আগষ্টত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত প্ৰকাশ পাইছিল জাতিৰ দলিল হিচাপে চিহ্নিত এনআৰচিৰ চূড়ান্ত খচৰা।অসম চুক্তি স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থাসহ বিভিন্ন দল-সংগঠনৰ লগতে অসমবাসীয়ে আশা কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপিৰ চৰকাৰে ৮৫৫ জন শ্বহীদৰ ত্যাগক উচিত মূল্য প্ৰদান কৰি ক্ৰুটিমুক্ত এনআৰচি প্ৰস্তুত কৰি জনতাৰ দীৰ্ঘদিনীয়া আশাক সন্মান প্ৰদান কৰিব।কিন্তু চূড়ান্ত এনআৰচিৰ খচৰা ক্ৰুটিমুক্ত কৰাত ব্যৰ্থ হ'ল ৰাজ্য চৰকাৰখন"-এই গুৰুতৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ।এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোতে বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ব্যক্ত কৰিছে 'আছু'ৱে।"চৰকাৰৰ আন্তৰিকতা নথকাৰ বাবে অসমবাসীয়ে নাপালে শুদ্ধ এনআৰচি।খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব নথকাৰ কথাটো স্পষ্টকৈ প্ৰমাণ হৈছে।কাৰ্যত: এইখন এখন ভেকোভাওনাত পৰিণত হৈছে"-'আছু'ৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে এইদৰে কয়।

শুদ্ধ এনআৰচিৰ উন্নীতকৰণৰ বিষয়টো চৰকাৰে আন্তৰিকতাৰে গ্ৰহণ কৰিব লাগে বুলি দাবী জনাই গগৈয়ে কয়-"চৰকাৰে ক্ৰুটিপূৰ্ণ এনআৰচি পুনৰীক্ষণ নকৰাৰ বাবেই ইয়াত জড়িত কৰ্মচাৰীসকলক অব্যাহতি দিয়াৰ লগতে ডাটা এন্ট্ৰি অপাৰেটৰসকলক চাকৰিৰ পৰা খেদি পঠাইছে।"

বিদেশীমুক্ত এখন এনআৰচি অসমৰ জনতাক দিবলৈ চৰকাৰ বদ্ধপৰিকৰ নহয়।এনআৰচিৰ বিষয়টোক কেৱল ৰাজনৈতিক অচিলা হিচাপে ব্যৱহাৰ কৰি অহা বুলি কয় লুৰিনে।

"সম্পূৰ্ণভাৱে প্ৰকাশ নহ'ল এনআৰচি।ক্ৰুটি ৰৈ গ'ল চূড়ান্ত খচৰাত।ন্যায়ালয়ৰ নিৰ্দেশসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যদি সময়মতে ৰূপায়ণ কৰিলে হয়,তেন্তে সফলভাৱে এনআৰচিখন প্ৰকাশ পালে হয়।বহু কথাত কেন্দ্ৰীয় চৰকাৰে বিধি-পথালি দিলে"-'আছু' সভাপতি দীপাংক নাথৰ গুৰুতৰ অভিযোগ।শুদ্ধ এনআৰচি প্ৰকাশ কৰাৰ সময় এতিয়াও থকা বুলি তেওঁ লগতে কয়।

এনআৰচি পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত চৰকাৰে আবেদন জনাব লাগিছিল।কিন্তু সেয়া নকৰিলে।অসমৰ ৰাইজে কেতিয়াও ইয়াক ক্ষমা নকৰে।শুদ্ধ এনআৰচি প্ৰকাশ কৰাটো জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল।বহু বাংলাদেশী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে- দীপাংক নাথে লগতে কয়।

Your Comments