ৰাজ্যত ১৫ ছেপ্টেম্বৰৰ পৰা কিদৰে মুকলি কৰিব লাগিব বিদ্যালয়...

Dr.Himanta Biswa Sarma

*"বিদ্যালয় মুকলি হ'ব,কিন্তু জপনা খুলি কৰিব নোৱাৰিব ক্লাছ"-মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা* 

পহিলা ছেপ্টেম্বৰৰ পৰা শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকা শিক্ষানুষ্ঠানত উপস্থিত থকাটো বাধ্যতামূলক।১৫ ছেপ্টেম্বৰৰ পৰা অনানুষ্ঠানিক শ্রেণী আৰম্ভ কৰিব দ্বাদশ আৰু স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ।সংবাদমেলৰ জড়িয়তে এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

জনতা ভৱনত সম্বোধন কৰা সংবাদ মেলত মন্ত্ৰী শৰ্মাই কয়-"জপনা খুলি পূৰ্বৰ দৰে আৰম্ভ নহয় ক্লাছ,পৰীক্ষামূলকভাৱে বাৰ্তালাপ পাঠদান ৩০ ছেপ্টেম্বৰলৈকে চলিব।এজন শিক্ষকে ৪-৫ জন ছাত্ৰ-ছাত্ৰীক লৈ আলোচনা কৰিব বিষয়সমূহ।"

"আনহাতে,এই পৰীক্ষামূলক ক্লাছত কোনো ছাত্ৰ-ছাত্ৰী যদি কভি'ড আক্রান্ত হয়,তেন্তে তাৎক্ষণিকভাৱে অধ্যক্ষগৰাকীয়ে বন্ধ কৰিব দিব পাঠদান।" 

গুৰুত্বপূৰ্ণ যে পহিলা ছেপ্টেম্বৰত শিক্ষক- শিক্ষয়িত্ৰীসকলে কৰ্মত যোগদান কৰি ১৫ ছেপ্টেম্বৰলৈ বিদ্যালয় ছেনিটাইজ কৰাৰ লগতে কোঠালিসমূহ নতুনকৈ সজাবলৈ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে।

প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজন সংগ্ৰহ কৰিবলৈ আহোঁতে ১৫ ছেপ্টেম্বৰৰ পৰা এখনকৈ প্ৰশ্ন কাকত দিব।পিছৰ সপ্তাহত আকৌ মধ্যাহ্ন ভোজন নিবলৈ আহোঁতে সেই হোমৱৰ্ক ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কৰি আনি শিক্ষকক জমা দিব।শিক্ষকজনে ছাত্ৰ বা ছাত্ৰী গৰাকীৰ উপস্থিতিত বহীখনৰ মূল্যাংকন কৰিব- ড: শৰ্মাই কয়।

ইয়াৰ উপৰিও নৱম,দশম আৰু একাদশ শ্ৰেণীৰ ক্লাছসমূহ শিক্ষক-শিক্ষয়ত্ৰীসকলে বিদ্যালয়ৰ পৰা অনলাইনত কৰিব লাগিব।উক্ত শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ অহা প্ৰয়োজন নাই বুলি শৰ্মাই উল্লেখ কৰি কয় যে ৩০ ছেপ্টেম্বৰলৈ গৰ্ভৱতী শিক্ষয়িত্ৰীয়ে লাভ কৰিব সকাহ।বিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে যদি গৰ্ভৱতী মহিলা কৰ্মচাৰীসকলক ৰেহাই দিয়ে,তেতিয়া তেওঁ নাহিলেও হ'ব।কিন্তু অক্টোবৰৰ পৰা তেওঁ অহাটো বাধ্যতামূলক।

"কোৱাৰেণ্টাইন চেণ্টাৰ থকা বিদ্যালয়সমূহত শিক্ষক-শিক্ষয়িত্ৰী যাব নালাগে।উপায়ুক্তই যদি তেওঁলোকক অন্য কামত নিয়োগ কৰে,তেন্তে তেওঁলোকে সেই কাম কৰিব"-শৰ্মাই উল্লেখ কৰে।

Your Comments