*স্বাধীন মনৰ মই স্বাধীন মানুহ,ৰাজনীতি প্ৰতি কোনো হাবিয়াস নাই, গান গাই ভাল পাওঁ গান গাই থাকিম- নীল আকাশ*
কণ্ঠশিল্পী নীল আকাশে বিজেপি দলত শুকুৰবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি একাংশ সংবাদ মাধ্যমে চলোৱা ভুৱা প্ৰচাৰৰ বিৰুদ্ধে নীল আকাশৰ স্পষ্টীকৰণ।ঘৰতে থকা শিল্পীগৰাকীয়ে পুৱাই ফেচবুক লাইভৰ জৰিয়তে ৰাইজৰ আগত স্পষ্ট কৰিলে তেওঁক লৈ চলোৱা ভুৱা খবৰৰ কথা।"বিজেপিত যোগদানৰ কথা সম্পূৰ্ণ ভুৱা আৰু কোনো তথ্যভিত্তিক নহয়।মনে সজা সংবাদ পৰিৱেশন কৰিছে একাংশ সংবাদ মাধ্যমে।দিনৰ ১১ বজাত যোগদান কৰিব বুলিও একাংশ সংবাদ মাধ্যমে যি প্ৰচাৰ চলাইছে,তাক দেখি মোৰ হাঁহিহে উঠিছে"- নীলে কয়।
এটা নিউজ পৰ্টেলত বাতৰিটো দেখি আচৰিত হোৱা বুলি উল্লেখ কৰি তেওঁ কয়-"সমাজৰ আগত হেয় প্ৰতিপন্ন কৰাৰ বাবে এই ধৰণৰ অপপ্ৰচাৰ চলাইছে।কোনো ধৰণৰ তথ্য নথকাকৈ কিদৰে এনে ধৰণৰ বাতৰি পৰিৱেশন কৰিবলৈ পাৰে।এই ধৰণৰ বাতৰি পৰিৱেশন কৰাৰ বাবে আপোনালোকৰ ওপৰত পুতৌ জন্মিছে।"
নীলৰ স্পষ্ট কথা-"ৰাজনৈতিক দলত যোগদান কৰাৰ মোৰ কোনো ইচ্ছা নাই।মই গান গোৱা মানুহ,আপোনালোকৰ বাবে গান গাম।গান এৰি অন্য ক্ষেত্ৰত জড়িত মই নহওঁ।"
মৰাণত অইল ইণ্ডিয়াত কৰ্মৰত কণ্ঠশিল্পী নীলে কয়-"শাৰীৰিক অসুস্থতাৰ বাবে দুদিন কৰ্মত যোগদান কৰিবলৈ ৰা নাই।ঘৰতে সোমাই আছোঁ।তেনে পৰিপ্ৰেক্ষিতত কেনেকৈ এনেকুৱা কথা প্ৰচাৰ কৰিব পাৰে।মই অত্যন্ত দুখ পাইছোঁ এইধৰণৰ মিছা খবৰ প্ৰকাশ কৰাৰ বাবে।"
"স্বাধীন মনৰ মই স্বাধীন মানুহ।কোনো মোৰ ৰাজনীতিৰ হাবিয়াস নাই।গান গাই ভাল পাওঁ, মই গান গাই থাকিম।সমাজৰ বাবে কৰিব লগা কাম কৰি থাকিম"- নীলে কয়।
- Log in to post comments
- 27 views