সাংস্কৃতিক ক্ষেত্ৰৰ একাংশ কর্মীয়ে শেহতীয়াকৈ ৰাজনৈতিক দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছতে শিল্পী জুবিন গাৰ্গৰ গুৰুত্বপূৰ্ণ ঘোষণা।সামাজিক মাধ্যমত শিল্পী জুবিনে কৰিছে এই ঘোষণা।
ৰাজনৈতিক দলত যোগদান কৰা কোনো সাংস্কৃতিক কর্মীক জুবিন গাৰ্গ শিল্পী একাদশত খেলিবলৈ নিদিয়াৰ কথা ঘোষণা কৰিছে শিল্পী জুবিনে।তেওঁ উল্লেখ কৰিছে এইদৰে- "ৰাজনৈতিক দলত যোগদান কৰা গায়ক,অভিনেতা-অভিনেত্ৰীয়ে জুবিন গাৰ্গ শিল্পী একাদশত অংশগ্ৰহণ কৰিব নোৱাৰিব।নতুনকৈ গঠন কৰা হ'ব জুবিন গাৰ্গ শিল্পী একাদশ।সমাজবাদত বিশ্বাসী শিল্পীসকলক অন্তৰ্ভুক্ত কৰা হ'ব ফুুটবল দলটোত।"
গুৰুত্বপূৰ্ণ যে শেহতীয়াকৈ ৰাজ্যৰ একাংশ সাংস্কৃতিক কর্মীৰ ৰাজনৈতিক দলত যোগদান কৰাৰ প্ৰতিযোগিতা চলিছে।
- Log in to post comments
- 70 views