বিজেপিক ৰুধিবলৈ 'পেডেল মাৰি মাৰি' কংগ্ৰেছত যোগদান বাবুৰ;লগত নেকিব,অজয় ফুকন

Congress

লক্ষ্য ২০২১ৰ ৰাজ্য বিধানসভা নিৰ্বাচন।সাংস্কৃতিক জগত এৰি সক্ৰিয় ৰাজনৈতিক মঞ্চলৈ ঢাপলি একাংশ সাংস্কৃতিক জগতৰ ৰথী-মহাৰথীৰ।

মঙলবাৰে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে সাংস্কৃতিক জগতৰ সৈতে জড়িত প্ৰায় ৪০ গৰাকী ৰথী-মহাৰথী।অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে কণ্ঠশিল্পী বাবু বৰুৱা,নেকিবুল হুছেইন,গীতিকাৰ অজয় ফুকন, শোণিত গগৈ, অভিনেতা নয়ন        নিৰ্বাণকে ধৰি ৪০ গৰাকী সাংস্কৃতিক জগতৰ সৈতে জড়িত শিল্পী-কলা-কুশলীয়ে।

Congress

দিছপুৰত অনুষ্ঠিত যোগদান কাৰ্যসূচীত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,বিধায়ক ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ প্ৰমুখ্যে দলটোৰ বহুকেইজন জ্যেষ্ঠ নেতা।

সাংস্কৃতিক জগতৰ সৈতে জড়িত ব্যক্তিসকলৰ যোগদানৰ পিছতে সভাপতি বৰাই কয়- "কংগ্ৰেছত যোগদানৰ বাবে বিজেপি আৰু অন্য দলৰ বহুকেইজন প্ৰাক্তন বিধায়কে যোগাযোগ কৰি থকাৰ লগতে বিজেপিৰ বর্তমানৰ বহুকেইজন বিধায়কে কম সময়ৰ ভিতৰতে যোগদান কৰিব।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন সপোন হৈয়ে থাকিব।"

দলত যোগদান কৰি বাবু বৰুৱাই পৰিৱেশন কৰে পেডেল মাৰি মাৰি শীৰ্ষক জনপ্ৰিয় গীতটো।দিছপুৰৰ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী একপ্ৰকাৰে '২১ৰ নিৰ্বাচনৰ প্ৰাৰম্ভিক আখৰা স্থলীলৈ পৰিগণিত হয়। 

গুৰুত্বপূৰ্ণ যে বিজেপিত মঙলবাৰে ৰাজ্যৰ সাংস্কৃতিক জগতৰ ৩০গৰাকী ৰথী-মহাৰথীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।

Your Comments