গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিকৰ প্লাজমা প্ৰদান

Journalist

ক'ভিড-সৃষ্ট জটিল সময়ৰ প্ৰতিটো প্ৰত্যাহ্বানক মূৰ পাতি লৈ সন্মুখৰ শাৰীৰ যোদ্ধাৰূপে অহৰহ নিজৰ কৰ্তব্য পালন কৰি গৈছে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ সাংবাদিক তথা সংবাদকৰ্মীসকলে।ক'ভিডৰ প্ৰতি মুহূৰ্তৰ খবৰ যুগুতোৱাৰ সময়ত বহু সাংবাদিক-সংবাদকৰ্মী আক্ৰান্ত হৈছিল ক'ভিড-১৯ত।    কিন্তু,বিশ্বত্ৰাস ক'ভিডক পৰাস্ত কৰি জীৱনৰ জয়গান গাই সুস্থ হৈ ওভতি আহে সাংবাদিকসকল।এতিয়া তেওঁলোকে গাইছে মানৱতাৰ জয়গান।স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত ক'ভিড জয়ী সাংবাদিক-সংবাদকৰ্মীৰ দ্বাৰা প্লাজমা প্ৰদানৰ এক কাৰ্যসূচী ৰূপায়ণ কৰে।প্ৰায় ১৯ গৰাকী সাংবাদিকে প্ৰদান কৰে প্লাজমা।গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ সভাকক্ষত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হয় সাংবাদিকৰ প্লাজমা প্ৰদান কাৰ্যসূচী। 

ইফালে,প্লাজমা দান কাৰ্যসূচীত উপস্থিত থাকি মন্ত্ৰী ড:শৰ্মাই কয়-"এয়া আমাৰ বাবে আনন্দৰ দিন,সংঘবদ্ধ ৰূপত সাংবাদিকৰ প্লাজমা প্ৰদানৰ এনে কাৰ্যসূচী হয়তো দেশৰ ভিতৰতেই প্ৰথম।সাংবাদিকসকলে ক'ভিড বিৰোধী যুদ্ধখনত প্ৰথম দিনটোৰ পৰাই আপোচবিহীনভাৱে চামিল হৈছে।" 

আনহাতে,গুৱাহাটী প্ৰেছ ক্লাবৰ এই পদক্ষেপক প্ৰশংসা কৰি মন্ত্ৰী ডঃ শৰ্মাই কয়-"ৰাজ্যৰ অন্য প্ৰান্তৰ সাংবাদিক তথা সংবাদকৰ্মীসকলো প্লাজমা প্ৰদানৰ বাবে আগবাঢ়ি আহক।সাংবাদিকসকলৰ প্লাজমা প্ৰদানৰ এই কাৰ্যসূচীৰ দ্বাৰা মানুহৰ মনত প্লাজমা প্ৰদান সন্দৰ্ভত লুকাই থকা অহেতুক ভয় আতঁৰিব।"

অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ,সম্পাদক সঞ্জয় ৰায়,ক্ৰীড়া সম্পাদক ধীৰাজ হাজৰিকাসহ বহু জ্যেষ্ঠ সাংবাদিক।

Your Comments