হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণৰ জৰিয়তে কংগ্ৰেছ ত্যাগ দুলু আহমেদৰ

Dulu Ahmed

অৱশেষত দল ত্যাগৰ কথা ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদে।দলীয় হাইকমাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি এই কথা সামাজিক মাধ্যমত প্ৰকাশ কৰিছে হাজো কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে।

উল্লেখ যে দীৰ্ঘদিন ধৰি দলৰ পৰা নিলম্বিত হৈ আছিল আহমেদ।কিছুদিন পূৰ্বে ২০ আগষ্টত দলত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল যদিও আজিহে দলীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছে।

দলত্যাগৰ পূৰ্বে হাজোৰ দলীয় নেতা-কৰ্মীসকলৰ আগত কংগ্ৰেছ কৰ্মী হিচাপে শেষবাৰৰ বাবে হাজো ব্লক কংগ্ৰেছ কমিটীত উপস্থিত হৈ তৃণমূল কর্মীসকলৰ সৈতে মত- বিনিময় কৰে।

ইফালে যোৱা সপ্তাহত গুৱাহাটীৰ ৰাজীৱ ভৱনত আহমেদৰ নিলম্বন-পত্ৰ প্ৰত্যাহাৰ কৰাৰ দাবীত হাজো সমষ্টিৰ দলীয় সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰিছিল।আনহে নালাগে দলৰ সভাপতি ৰিপুন বৰাৰ বাসগৃহৰ সন্মুখতো সাব্যস্ত কৰিছিল প্ৰতিবাদ।কিন্তু প্ৰতিবাদৰ ফল নধৰিল।শেষত দলত্যাগৰ আনুষ্ঠানিকতা সম্পুন্ন কৰিলে নেতাগৰাকীয়ে।

Your Comments