পৰিণীতা ভট্টাচাৰ্য্য কটকীৰ "লকডাউন ডায়েৰীত ক’ৰ’নাৰ দিনবোৰ" উন্মোচন

State

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্নাবত লেখিকা পৰিণীতা ভট্টাচাৰ্য্য কটকীৰ "লকডাউন ডায়েৰীত ক’ৰ’নাৰ দিনবোৰ" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়।গ্ৰন্থখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া,কামৰূপ জিলাৰ প্ৰাক্তন উপায়ুক্ত তথা বিশিষ্ট অনুবাদক,লেখক- সমালোচক দীপক গোস্বামীয়ে৷গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লোকসভাৰ প্ৰাক্তন সাংসদ ড° অৰুণ শৰ্মা,যশস্বী নাট্যকাৰ,লেখক,পৰিচালক প্ৰভাত গোস্বামী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰমেন কুমাৰ শৰ্মা।গ্ৰন্থখনত আছে ২৬ টাকৈ লেখা।উল্লেখ যে লেখিকা কটকীৰ গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ 'ব্ৰহ্মা বুক্‌ছ'ৰ হৈ চন্দনা লহকৰে৷ 

"ক’ভিড প্ৰ’টকল" মানি অনুষ্ঠিত কৰা গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে সাংবাদিক দৰ্শনা বৰুৱাই।প্ৰয়াত প্ৰাঞ্জল ভট্টাচাৰ্য্য আৰু প্ৰান্তিক ভট্টাচাৰ্য্যৰ স্মৃতিত অৰ্পণ কৰা গ্ৰন্থখনত "ক’ৰ’না আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা","লকভাউন আৰু এক ভয়ংকৰ বাস্তৱ","ক’ৰ’না আৰু ইটো সিটো" , "ক’ভিড-১৯ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,  "ক’ৰ’না-হাঁহি আৰু কান্দোন","ক’ভিড -১৯ আৰু অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,"  "লকডাউন আৰু মানুহৰ জীৱন" আদি বিশ্লেষণধৰ্মী লেখা অন্তৰ্ভূক্ত কৰিছে । 
গুৱাহাটীৰ  গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰী তথা পূৰ্বে তিনিখনকৈ  ইংৰাজী ভাষাত গ্ৰন্থ প্ৰকাশ হোৱা লেখিকা পৰিণীতা ভট্টাচাৰ্য্য কটকীয়ে ক’ৰ’নাকালৰ দুঃসময়খিনিত ইতিবাচক আৰু যোগাত্মক চিন্তা নিজৰ কলমৰে নিগৰাই দিয়াৰ লগতে প্ৰয়াস কৰিছে ভৱিষ্যত প্ৰজন্মই যাতে বৰ্তমানৰ  সংকটকালৰ কথাবোৰ ভৱিষ্যতে অনুভৱ কৰিব পাৰে।

Your Comments