সাংবাদিকৰ প্ৰশ্নৰ মুখামুখী হোৱাৰ ভয়ত আধাতে সংবাদমেল সমাপ্ত কৰিলে বিজেপিলৈ উভতি যোৱা যতীন বৰাই

Jatin Bora

ভাৰতীয় জনতাৰ পাৰ্টী ৰাজ্যিক নেতৃত্ব তথা দলীয় সতীৰ্থৰ ক্ষমা বিচাৰি আকৌ বিজেপিলৈ উভতিল অভিনেতা যতীন বৰা।বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন,চমুকৈ 'কা' আন্দোলনক আৱেগত পৰিচালিত হোৱা আন্দোলন আখ্যা অভিনেতাগৰাকীৰ।অপব্যাখ্যাৰে বিপথে পৰিচালিত কৰাৰ বাবে আৱেগৰ বশৱৰ্তী হৈ বিজেপি দলে ত্যাগ কৰিছিল বুলি অভিনেতা বৰাই কয়।

খ্ৰীষ্টানবস্তিৰ বিলাসী হোটেল 'গেটৱে গ্ৰেণ্ড'ত সংবাদমেল সম্বোধন কৰি অভিনেতা বৰাই বিজেপিলৈ পুনৰ উভতি অহাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে সাংবাদিকৰ প্ৰশ্নৰ মুখামুখী হোৱাৰ ভয়ত সংবাদমেল আধাতে সামৰি পলায়ন কৰে অভিনেতাগৰাকীয়ে।বাধ্যত পৰি বিজেপি ত্যাগ কৰা বুলি তেওঁ লগতে  কয়।

"'কা' আন্দোলন কৰি কোনোবা ৰাজ্যসভাৰ সাংসদ হ'ল।একাংশই আহিবলগীয়া নিৰ্বাচনৰ প্ৰস্তুতিৰে বেলেগ বেলেগ ৰাজনৈতিক দল গঠন কৰাৰ কুছকাৱাজ কৰিছে।আচৰিত কথা আইএমডিটি আইন বাতিল হোৱাৰ পিছত পূৰ্ববংগৰ পৰা অহা বিদেশীক সুৰক্ষাৰ দিবৰ বাবে জন্ম হোৱা এআইইউডিএফৰ লগ হৈ আঞ্চলিকতাবাদৰ পুৰোহিত ৰাজ্যসভাৰ সাংসদ হ'ল।গতিকে,নাটকখনত মোৰ দৰে বহু অসমপ্ৰেমী ৰাইজ আৱেগিক হৈ বিভ্ৰান্ত হৈছে"- বৰাই কয়।

গুৰুত্বপূৰ্ণ যে যোৱা বৰ্ষৰ ১২ডিচেম্বৰত লতাশিলৰ বৃহৎ গণ সমাৱেশৰ দিনটোতে বিজেপি ত্যাগ কৰি অসমবাসী ৰাইজৰ কাষলৈ ওলাই অহা বুলি বুকু ফুলাই ঘোষণা কৰিছিল যতীন বৰাই।

Your Comments