ৰাজ্যত 'আনলক'ৰ নতুন নিৰ্দেশনা জাৰি,কি কি কৰিব পাৰিব জানি লওক

Unlock

*১৬আগষ্টৰ পৰা ৩১ আগষ্টলৈ জাৰি কৰা হৈছে নিৰ্দেশনা*

ৰাজ্য চৰকাৰে জাৰি কৰিছে 'আনলক'ৰ নতুন নিৰ্দেশনা।১৬ আগষ্টৰ পৰা ৩১ আগষ্টলৈ কাৰ্যকৰী হোৱাকৈ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে এই নিৰ্দেশনা।

Pic

বৰ্তমান চলি থকা সকলো সেৱা তথা কাম-কাজ সোমবাৰ পৰা শুকুৰবাৰলৈ পুৱা ৫ বজাৰ পৰা ৰাতি ৯ বজালৈকে কৰিব পাৰিব।

বৰ্তমান বন্ধ হৈ থকা আন্ত:জিলা ৰাজহুৱা যাতায়ত সেৱা ৫০ শতাংশ যাত্ৰীৰে সোমবাৰৰ পৰা শুকুৰবাৰলৈ চলাচলত অনুমতি।

ক'ভিড-১৯ নীতি-নিৰ্দেশনা আৰু সামাজিক দূৰত্ব মানি চলি ৫০ শতাংশ যাত্ৰীৰে মুকলি হ'ব চিটীবাছ সেৱা।

ৰাজহুৱা যাতায়ত সেৱা সামাজিক দূৰত্ব আৰু ক'ভিড-১৯ ৰ নীতি-নিৰ্দেশনা মানি  ৫০ শতাংশ যাত্ৰীৰে অনুমতি।

ইফালে,৩১ আগষ্টলৈ ৰাতি ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব।

ৰাজহুৱা স্থানত থু-পিক পেলোৱা,ধূমপান আৰু মাদক দ্ৰব্য সেৱন কৰাত থাকিব বাধা।

সামাজিক,ৰাজনৈতিক,ক্ৰীড়া,মনোৰঞ্জন, শৈক্ষিক,ধৰ্মীয় কাৰ্যসূচী আৰু জনসমাগম হ'ব পৰা সকলো অনুষ্ঠান বন্ধ থাকিব।৫০জনতকৈ অধিক লোক একেলগে সমবেত হ'ব নোৱাৰিব।

কন্টেইনমেন্ট জ'নত ওলোৱা-সোমোৱা কৰাত কঠোৰ নিষেধাজ্ঞা  বাহাল থাকিব।

বৰ্তমান সময়ৰ দৰে সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে ৰাজ্যজুৰি লকডাউন বাহাল থাকিব।

৬৫ বছৰৰ উৰ্ধৰ ব্যক্তি আৰু ১০ বছৰ তলৰ শিশুৰ স্বাস্থ্যজনিত কাৰণত ঘৰৰ পৰা ওলোৱাত থাকিব বাধা।

ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।অন্যথা ভৰিব লাগিব ১০০০টকাৰ জৰিমনা।

Your Comments