*২৪ ঘণ্টাৰ ভিতৰত প্ৰতিবন্ধীসকলৰ ধনৰাশি মুকলি কৰি নিদিলে যোগ্য প্ৰত্যুত্তৰ পাব অসম চৰকাৰে-নৃপেন মালাকাৰ*
ক'ৰ'নাৰ সুযোগ গ্ৰহণ কৰি অসম চৰকাৰে এপ্ৰিল মাহৰ পৰা দিয়া নাই দীনদয়াল দিব্যাংগ আঁচনিৰ ধন"-এইদৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সন্থা,অসমৰ সম্পাদক নৃপেন মালাকাৰে।উল্লেখ যে আঁচনি অনুসৰি প্ৰতি মাহে এহাজাৰ টকালৈ লাভ কৰিছিল ৰাজ্যৰ দিব্যাংগসকলে।
"যিটো সময়ত ৰাজ্য চৰকাৰে ক'ৰ'নাৰ নামত সমাজৰ বিভিন্ন শ্ৰেণীক সহায়-সহযোগিতা কৰি আহিছে,সেই সময়তে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমনে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৰাজ্য চৰকাৰে"-মালাকাৰে লগতে কয়।
"সমাজ কল্যাণ বিভাগৰ পৰা যোৱা ২২জুলাইত ৰাজ্যৰ বিত্ত বিভাগলৈ ধনৰাশি মুকলি কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰা হৈছিল।১ লাখ ৬০ হাজাৰ ৬১২ জন লোকৰ বাবে মুকলি কৰি দিব লগা ধনৰাশিৰ পৰিমাণ ৪৮ কোটি ১৮ লাখ ৩৬ হাজাৰ টকা।কিন্তু ৰহস্যজনকভাৱে ১৮ দিন ধৰি ধনৰাশি অসম চৰকাৰৰ বিত্ত বিভাগে মুকলি কৰি দিয়া নাই"-সম্পাদকগৰাকীয়ে কয়।
ইফালে,বিত্ত বিভাগক সকীয়নী প্ৰদান কৰি সম্পাদক মালাকাৰে কয়-"অহা ২৪ঘন্টাৰ ভিতৰত যদি প্ৰতিবন্ধীসকলৰ ধনৰাশি মুকলি কৰি নিদিয়ে,তেন্তে ১৫ আগষ্টৰ আশে-পাশে যিকোনো কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰতিবন্ধীসকলে।যোগ্য প্ৰত্যুত্তৰ পাব অসম চৰকাৰে।"
- Log in to post comments
- 34 views