"জনজাতিক গুৰুত্ব নিদিলে,'২১ত ফল ভুগিব মুখ্যমন্ত্ৰী সোণোৱালে"

Arindam Prince Panging

*গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাভা-মিচিং ভাষা বিলুপ্তিকৰণ প্ৰত্যাহাৰ কৰক*

সোমবাৰে সদৌ ভাৰত ট্ৰাইবেল ছাত্ৰ সংস্থা,অসমৰ সংবাদমেল।বহুকেইটা দাবীৰে গুৱাহাটী।প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন  কৰে সংস্থাটোৰ উপদেষ্টা অৰিন্দম প্ৰিন্স পাংগিঙে।সংস্থাটোৰ দাবী সোণাপুৰস্থিত ট্ৰাইবেল বেল্ট-ব্লকত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰিব লাগে।কাৰণ ডাম্পিং গ্ৰাউণ্ড স্থাপন হ'লে অঞ্চলটোৰ পাৰিপাৰ্শ্বিক পৰিৱেশ বিনষ্ট হ'ব।

অসম চৰকাৰে জনজাতি বিৰোধী কাৰ্যকলাপ বন্ধ কৰিব লাগে বুলি উল্লেখ কৰি উপদেষ্টাগৰাকীয়ে কয়-"শেহতীয়াভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাভা আৰু মিচিং ভাষাৰ পাঠ্যক্ৰম বিলুপ্তিকৰণৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে,তাক প্ৰত্যাহাৰ কৰিব লাগে।লগতে কটন বিশ্ববিদ্যালয়ত বুৰঞ্জী বিভাগত সহকাৰী অধ্যাপক নিযুক্তিত জনজাতিৰ বাবে সংৰক্ষণ পদত শীঘ্ৰে নিযুক্তি প্ৰদান কৰিব লাগে।জাতিগত বৈষম্য কৰা হৈছে বুৰঞ্জী বিভাগৰ খালি পদটোক লৈ।"

"কুম্ভকৰ্ণ নিদ্ৰাত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চকু মেলক।ট্ৰাইবেল বেকলগত খালি হৈ থকা ২৬হাজাৰ পদ শীঘ্ৰে পূৰণ কৰক।নতুন পদ আমাক নালাগে।নিৰ্বাচন আহি আছে,নিৰ্বাচনৰ সময়ত পদসমূহৰ বিজ্ঞাপন জাৰি কৰি জনজাতি লোকসকলক আভুৱা ভাৰিব নালাগে"-উপদেষ্টা গৰাকীয়ে লগতে কয়।

চিবিএছচিৰ দশম শ্ৰেণীৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ্থীসকলক গ্ৰেচ মাৰ্ক প্রদান কৰি উত্তীৰ্ণ কৰি দিয়াৰো আহ্বান জনায় ছাত্ৰ সংগঠনটোৱে।

অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে কোনো ৰাজনৈতিক দলৰ সৈতে নাই।কাক ভোট দিব,কাক নিদিব,আমি কাকো নকওঁ কিন্তু জনজাতিৰ দাবীসমূহ তেওঁলোকে যদি পূৰণ নকৰে,তেন্তে গাদীৰ পৰা নমাবলৈ আমিও চেষ্টা কৰিম বুলি উল্লেখ কৰি উপদেষ্টাগৰাকীয়ে কয়-"জনজাতিসকলৰ বাবে আজি সৰ্বানন্দ সোনোৱাল মুখ্যমন্ত্ৰী হৈছে।জনজাতিসকলক  গুৰুত্ব নিদিলে '২১ত ফল ভুগিব মুখ্যমন্ত্ৰীয়ে।"

সংবাদমেলত উপস্থিত থাকে সম্পাদক দ্বীপেন দেউৰী।

Your Comments