*"নতুন শিক্ষা নীতি-২০২০ বিজেপি-আৰএছএছৰ আদৰ্শ প্ৰচাৰৰ বহতীয়া হ'ব"*
কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতি-২০২০ৰ তীব্ৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ।গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য কাৰ্যালয়ত মোডী কেবিনেটে অনুমোদন জনোৱা নতুন শিক্ষানীতিক বিৰোধিতা কৰি কয়-"মোডী চৰকাৰে নতুন শিক্ষানীতি-২০২০ৰ জড়িয়তে শিক্ষাক গেৰুৱাকৰণ কৰিবলৈ বিচাৰিছে।পাকে-প্ৰকাৰে 'সংস্কৃত' বাধ্যতামূলক কৰি ছাত্ৰ-ছাত্ৰীৰ বিবেকত সাম্প্ৰদায়িকতা সিঁচি দিবলৈ বিচাৰিছে।"
এতিয়াৰে পৰা শিক্ষা ব্যৱস্থা সেৱা হৈ নাথাকে বুলি উল্লেখ কৰি ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰে কয় -"শিক্ষাৰ ব্যক্তিগতকৰণ,বাণিজ্যিকীকৰণ, গেৰুৱাকৰণ কৰাৰ শেষ গজাল মাৰিলে মোডীয়ে।এই শিক্ষানীতি বিজেপি-আৰএছএছৰ আদৰ্শ প্ৰচাৰৰ বহতীয়া হ'ব।"
নতুন শিক্ষানীতিৰ জৰিয়তে মাধ্যমিক পৰ্যায়ত 'ষান্মাসিক' পদ্ধতিৰ প্ৰচলনৰ যি কথা কোৱা হৈছে,সেয়া কেতিয়াও মানি লব নোৱাৰি।মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত ষান্মাষিক ব্যৱস্থাক সঠিকভাৱে ৰূপায়ণ কৰাত ব্যৰ্থ হৈছে।তেনে সময়ত হাইস্কুল-হায়াৰ ছেকেণ্ডাৰীসমূহে কিদৰে ৰূপায়ণ কৰিব বুলি উল্লেখ কৰি কোঁৱৰে আৰু কয়-"ৰাজ্যৰ মাধ্যমিক স্তৰৰ শিক্ষাক পিপিপি মডেললৈ আৰু ব্যক্তিগত খণ্ডৰ হাতত গতাই দিব বিচৰা হৈছে।"
"মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহৰ বিত্তীয় স্বতন্ত্ৰতাৰ কথা কৈ চৰকাৰে উচ্চ শিক্ষাত ধন খৰছ নকৰাৰ নীতি গ্ৰহণ কৰিছে।ছাত্ৰ-ছাত্ৰীৰ পৰা অত্যধিক হাৰত মাচুল আদায় কৰাত শিক্ষানুষ্ঠানসমূহক কৰ্তৃত্ব প্ৰদান কৰিছে।সৰ্বশিক্ষা আনি যিদৰে প্ৰাথমিক শিক্ষা ধ্বংস কৰিলে,ঠিক একেদৰে এই নীতিৰ জৰিয়তে উচ্চ শিক্ষা ধ্বংস কৰিবলৈ বিচাৰিছে"-কোঁৱৰে লগতে কয়।
"বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ বিলুপ্তি ঘটাই ৰাষ্ট্ৰীয় উচ্চ শিক্ষা নিয়ামক আয়োগ গঠনৰ জৰিয়তে শিক্ষাক কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত কৰিবলৈ বিচাৰিছে।যিটো নেকি ৰাজ্যসমূহৰ বাবে অতি ভয়ংকৰ কথা বুলি উল্লেখ কৰে ছাত্ৰ মুক্তিৰ নেতাগৰাকীয়ে।"দেশত এশখন বিদেশী আগশাৰীৰ বিশ্ববিদ্যালয়ক নতুন শিক্ষা নীতিৰ জৰিয়তে কাম-কাজ কৰাৰ অনুমতি দিয়াৰ কথাই স্পষ্ট কৰিছে প্ৰত্যক্ষ বিদেশী বিনিয়োগক।যাৰ ফলত দেশৰ ৰাজহুৱা শিক্ষা বিদেশী বিনিয়োগকাৰীৰমুনাফা অর্জনৰ ক্ষেত্ৰলৈ পৰিণত হ'ব।শিক্ষা সেৱাৰ পৰিৱৰ্তে বাণিজ্যিক পণ্যলৈ ৰূপান্তৰ হ'ব"-তেওঁ লগতে কয়।
"নতুন শিক্ষানীতিত এম.ফিলৰ বিলুপ্তি ঘটাই চৰকাৰৰ খৰছ হ্ৰাস কৰিবলৈ বিচাৰিছে।ই দেশৰ ভবিষ্যতৰ গৱেষণাত ব্যাপক প্ৰভাৱ পেলাব"-মানসে লগতে কয়।
ইফালে,কেন্দ্ৰৰ নতুন শিক্ষানীতিৰ বিৰুদ্ধে ৰাজ্যৰ ছাত্ৰ সমাজক তীব্র আন্দোলন গঢ়ি তোলাৰো আহ্বান জনায় ছাত্ৰ সংগঠনটোৱে।লগতে বুদ্ধিজীৱী-নাগৰিক সমাজ আৰু সকলো দল-সংগঠনক ঐক্যবদ্ধ হৈ ইয়াৰ বিৰুদ্ধে থিয় হ'বলৈ আহ্বান জনায়।
উল্লেখ যে ছাত্ৰ মুক্তিৰ সংগ্রাম সমিতিৰ উদ্যোগত শুকুৰবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত নতুন শিক্ষা নীতি-২০২০ক বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলিব বুলিও আজি সংবাদ মেলত ঘোষণা কৰে।
সংবাদ মেলত উপস্থিত আছিল ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল আৰু ছাত্ৰনেতা প্ৰাঞ্জল কলিতা।
- Log in to post comments
- 26 views