"অসম তথা অসমীয়াৰ ৰক্ষাৰ বাবে অখিল গগৈৰ মুক্তি অপৰিহাৰ্য্য"-ড: হীৰেন গোহাঁই

Dr.Hiren Gohai

*কৃষক নেতা অখিল গগৈক নিৰ্যাতন চলোৱা হৈছে,মুক্তিৰ বাবে প্ৰতিবাদ চলাই যাব লাগিব*

কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী বিশিষ্ট বুদ্ধিজীৱী ড: হীৰেণ গোহাঁইৰ।গগৈৰ মুক্তিৰ দাবীৰে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে প্ৰকাশ কৰিছে এটা ভিডিঅ' বিজ্ঞপ্তি।অখিল গগৈয়ে ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীক ঐক্যবদ্ধ কৰি গণ সংগ্রামৰ পথলৈ নমাই অনাত সফল হৈছে।এয়া তেওঁৰ অনন্য কৃতিত্ব বুলি উল্লেখ কৰি ডক্টৰ গোহাঁইয়ে কয়-"অখিলৰ সৈতে বিভিন্ন বিষয়ত একমত হ'ব নোৱাৰিলেও গণতান্ত্ৰিক সংগ্রামৰ মূল্যৱান ভূমিকাক কোনেও অৱমাননা কৰিব নোৱাৰিব।সেইবাবে তেওঁ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে বৃহৎ প্ৰত্যাহ্বান"।গণতান্ত্ৰিক উপায়েৰে নিৰস্ত কৰিবলৈ নোৱাৰি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে তেওঁৰ ওপৰত নানা ভিত্তিহীন গোচৰ জাপি দি কাৰাবন্দী কৰি ৰাখিছে।যাতে,অসমৰ প্ৰতিবাদী সংগ্রাম দুৰ্বল হয়।এটাৰ পিছত এটা গোচৰত জামিন পাইছে,পুনৰ নতুন গোচৰ জাপি দিয়া হৈছে।কাৰাগাৰত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে,নিৰ্যাতনৰ  সন্মুখীন হৈছে।শেহতীয়াকৈ 'কা' আন্দোলনত তেওঁৰ ঐতিহাসিক ভূমিকাই ক্ষমতালোভী চৰকাৰৰ বাবে বিপদ সৃষ্টি কৰিছে।অখিলক কাৰাৰুদ্ধ কৰি ৰাখি চৰকাৰৰ অন্যান্য দুষ্কাৰ্য স্বেচ্ছাচাৰীভাৱে চলাই থকা বুলিও গোহাঁইয়ে তাৎপৰ্যপূৰ্ণভাৱে উল্লেখ কৰে।"সম্প্ৰতি ক'ভিড নিয়ন্ত্ৰণৰ নামত চলা নানা দুষ্কৃতি আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ সম্পৰ্কীয় EIA-2020 অধিসূচনা প্ৰস্তুত কৰিছে।তাতে সিহঁতৰ কু-অভিপ্ৰায় উদঙাই দিছে"-গোহাঁইয়ে লগতে কয়।অসম তথা অসমৰ জনগণৰ ৰক্ষাৰ বাবে তেওঁৰ মুক্তিৰ দাবী অপৰিহাৰ্য।তেওঁৰ বন্দিত্ব অন্যায়,অগণতান্ত্ৰিক।গগৈয়ে মুক্তি নোপোৱা পৰ্যন্ত সকলোৱে সমস্বৰে সংগ্ৰাম চলাই যাব লাগিব বুলিও ৰাইজক আহ্বান জনায় বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে।

Your Comments