"মুখ্যমন্ত্ৰীৰ ঘৰলৈ মই ভাত খাবলৈ যোৱা নাই, অসমৰ কামত আহিব পৰা প্ৰকল্প এটাৰ কাম হাতত লৈ গৈছিলোঁ"-জুবিন গাৰ্গ

CM-ZUBIN

শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাক লৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্পষ্টীকৰণ।'আমাৰ অসম' কাকতত শিল্পীগৰাকীয়েএই সন্দৰ্ভত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া।

"বহুদিনৰ এটা পৰিকল্পনা হাতত লৈ আমি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিলোঁ।অসমৰ থলুৱা বস্তুবোৰক লৈ এটা অৰ্থনৈতিক আন্দোলনৰ সপোন মই বহু দিনৰ পৰাই দেখি আহিছোঁঁ।তাৰ বাবে সাংবাদিক মনোৰম গগৈ, মনালিছাহঁতৰ 'থলগিৰী' আৰু 'সীতাজখলা'ৰ সৈতে জড়িত হৈ আছোঁ।আমাৰ নিজৰ গাখীৰ আছে যেতিয়া,বেলেগৰ পৰা কিয় আনিব লাগে?এইটো তেনেকুৱা এটাই পৰিকল্পনা-কেৱল এইটো বহলকৈ ভাবিছোঁ।সময়ত সকলো গম পাব।পৰিকল্পনা সফল কৰিব পাৰিলে আমাৰ বহু ল'ৰা-ছোৱালীয়ে সংস্থাপন পাব।দুপইচা উপাৰ্জন কৰিব পাৰিব।তাৰ বাবে মুখ্যমন্ত্ৰীক লগ ধৰিবলৈ গৈছিলো"-জুবিনে এইদৰে প্ৰকাশ কৰিছে।

আমি ভবা কামটো সফল কৰিবলৈ ৰাইজৰ লগতে চৰকাৰৰো সহায় লাগিব বুলি প্ৰকাশ কৰি শিল্পী জুবিনে উল্লেখ কৰিছে এইদৰে- "সৰ্বাদাক মই বানপানীৰ কথা কিনো ভাবিছে সেই সন্দৰ্ভত প্ৰশ্ন কৰিছিলোঁ।বাহিৰৰ পৰা বিশেষজ্ঞ টীম আনিম বুলি কৈছে।ক'ৰ'না আৰু লকডাউনে বিধ্বস্ত কৰা শিল্পী আৰু কলা-কুশলীৰ বাবে কিবা কৰিবলৈ আকৌ কৈ আহিছোঁ।"

"অসম আৰু অসমীয়াৰ স্বাৰ্থত দিছপুৰে আগবঢ়াব লাগিব সহায়ৰ হাত।সকলোতে ৰাজনীতি নহ'ব।মাটি আৰু মানুহ ৰাজনীতিৰ  উৰ্দ্ধত।সেই কথা বুজি পাব লাগিব।নুবুজিলে সময় আৰু ইতিহাসে ৰেহাই নিদিব"-শিল্পী জুবিনে উল্লেখ কৰিছে এইদৰে।

"অসম আৰু অসমীয়াৰ বাবে য'ত যেনেকৈ প্ৰয়োজন হৈছে মাত মাতিছোঁ।'কা' আন্দোলনৰ সময়ত অসমীয়া মানুহৰ হৈ মুখ্যমন্ত্ৰীক গালি পাৰিছোঁ, মুকলি চিঠি লিখিছোঁ।এতিয়া বিশেষ কামত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছোঁ।কোন মুখ্যমন্ত্ৰী সেইটো ডাঙৰ কথা নহয়,কিন্তু অসমৰ কামত আহিব পৰা কাম এটা মুখ্যমন্ত্ৰীজনক লগ ধৰি আমাৰ কথাবোৰ ক'ব লাগিব।অসম আৰু অসমীয়াৰ স্বাৰ্থত প্ৰয়োজন হ'লে আন্দোলন কৰিছোঁ আৰু প্ৰয়োজনত দিছপুৰৰ ওচৰো চাপিম।'কা' তেতিয়াও মনা নাই আৰু এতিয়াও নামানো।অৰ্থনৈতিক আন্দোলনত সকলো একলগ লাগে।অসমীয়াক ক্ষতি কৰা 'কা' কেতিয়াও মানি নলও,'কা' বাতিল হ'বই লাগিব"-শিল্পীগৰাকীয়ে এইদৰে উল্লেখ কৰিছে। 

বানপানী আৰু বিদেশীৰ বিষয়ত ৰাজনীতি কৰিবলৈ নাপায়।অসম-অসমীয়াৰ ক্ষতি হয়।অসম আৰু অসমীয়াক ক্ষতি কৰি কৰা ৰাজনীতি অৰ্থহীন,মূল্যহীন,ভৱিষ্যতশূন্য বুলি উল্লেখ কৰি জুবিনে উল্লেখ কৰিছে এইদৰে- "মুখ্যমন্ত্ৰীৰ ঘৰলৈ মই ভাত খাবলৈ যোৱা নাই।নিজৰ কামতো যোৱা নাই।অসমৰ কামত আহিব পৰা প্ৰকল্প এটাৰ কাম হাতত লৈ গৈছিলোঁ"।

গুৰুত্বপূৰ্ণ যে মুুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতে জুবিনক লৈ সামাজিক মাধ্যমত আৰম্ভ হৈছিল সমালোচনা।

Your Comments