*কৰ্মবিশ্বাসী আমি,ক'ব লগা সকলো কৰ্মৰ ভাষাৰে কম-গৰিমা শইকীয়া গাৰ্গ*
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ বাবে নৱপ্ৰজন্মৰ হাৰ্টথৰ্ব জুবিন গাৰ্গক সামাজিক মাধ্যমত সমালোচনা একাংশৰ।গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ অতিথিশালাত সপত্নীক জুবিনে শনিবাৰে সাক্ষাৎ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীক।তাৰ পিছতে সোণোৱালক সাক্ষাৎ কৰাৰ ফটো ভাইৰেল হৈছিল সামাজিক মাধ্যমত।মুখ্যমন্ত্ৰীৰ সৈতে ফটো ভাইৰেল হোৱাৰ পিছতে সামাজিক মাধ্যমত শিল্পী জুবিনক উদ্দেশ্য কৰি একাংশই সমালোচনা আৰম্ভ কৰিছে।উল্লেখ্য যে ৰাজ্যৰ ভয়াৱহ বানপানীৰ সমস্যাৰ লগতে ৰাজ্যবাসীৰ বিভিন্ন সমস্যাৰ বিষয়ে ঘৰুৱাভাৱে আলোচনা কৰা বাবে শিল্পীগৰাকীয়ে সাক্ষাৎ কৰিছিল সোণোৱালক।
সামাজিক মাধ্যমত বিশেষ ফটোখনক লৈ আৰম্ভ হোৱা বিতৰ্কৰ মাজতে সামাজিক মাধ্যমত পত্নী গৰিমা শইকীয়া গাৰ্গে লিখিছে এইদৰে- "কৰ্মবিশ্বাসী আমি,ক'ব লগা সকলোখিনি কৰ্মৰ ভাষাৰে কম।ছ'চিয়েল মিডিয়া অযথা কথাৰ বাবে ব্যৱহাৰ হোৱা মাধ্যম বুলি নাভাবো।"
শিল্পী জুবিনে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা সন্দৰ্ভত বৰ্তমানো কোনো মুখ খোলা নাই।মুখ্যমন্ত্ৰীক সাক্ষাৎ সম্পূৰ্ণ ঘৰুৱা আৰু সৌজন্যমূলক আছিল বুলি তেওঁ প্ৰকাশ কৰিছে।
উল্লেখ যে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী আৰু আইন উপদেষ্টা শান্তনু ভৰালী উপস্থিত আছিল।
- Log in to post comments
- 74 views