ৰাজ্যত বিশ্বত্ৰাস ক'ৰ'না ভাইৰাছৰ সংহাৰী ৰূপ চলি থকা মাজতে ভয়াৱহ বানৰ কৱলত অসম।শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় ২৭খন জিলা পৰিছে বানৰ কৱলত।
জাগীৰোড সমষ্টিত টুলুঙা নাৱত উঠি শনিবাৰে বানাক্ৰান্তৰ খবৰ ল'লে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই।টুলুঙা নাৱেৰে গৈ অভিনেত্ৰী আইমী উপস্থিত হয় সমষ্টিটোৰ বহা-বৰজাৰী আৰু বৰপাকৰ বানাক্ৰান্তৰ মাজত।উল্লেখ যে দুখ-দুৰ্দশাৰ মাজত দীৰ্ঘদিন ধৰি বানৰ কৱলত থকা অঞ্চল দুটাৰ ৰাইজক আইমীয়ে নিজাববীয়াকৈ অত্যাৱশ্যকীয় সামগ্ৰীও বিতৰণ কৰে।
"দুৰ্দশাগ্ৰস্ত ৰাইজক এই সময়ত মাতষাৰ দিয়াটো বহুত ডাঙৰ কথা।ক'ৰ'নাৰ মাজতে বানপানী।বহুত সৰু-সৰু ল'ৰা-ছোৱালী কোলাত বৰ দুখলগাকৈ আছে।কামনা কৰিছোঁ সোনকালে এইবোৰ শেষ হওঁক"-আইমীয়ে কয়।
"দুৰ্দশাগ্ৰস্ত লোকসকলক দেখি সঁচাকৈ দুখ লাগিছে"-অভিনেত্ৰীগৰাকীয়ে লগতে কয়।
- Log in to post comments
- 19 views