"ৰাইজ অসম পুলিচক ভুল নুবুজিব,ভৰলুৰ ঘটনাটোত আমাৰ ভুল স্বীকাৰ কৰিছোঁ"-ভাস্কৰ জ্যোতি মহন্ত

Bhaskar Jyoti Mahanta

মহানগৰীৰ ভৰলুত বৃহস্পতিবাৰে বিশেষভাৱে সক্ষম ১৭ বছৰীয়া এজন কিশোৰ আৰক্ষীৰ দ্বাৰা প্ৰহাৰ হোৱা ঘটনাৰ সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই দুখ প্ৰকাশ কৰিছে‌‌।ঘটনাক দুৰ্ভাগ্যজনক আখ্যা মহন্তৰ।সমগ্ৰ ঘটনাত আৰক্ষীৰ ভুল থকা কথা স্বীকাৰ সঞ্চালক প্ৰধান গৰাকীৰ।

অসমবাসী ভুল নুবুজিব বুলি ৰাইজক আহ্বান জনাই মহন্তই কয়-"নপৰিব লগা ব্যক্তিৰ পিঠিত দুৰ্ভাগ্যজনকভাৱে কোবটো পৰিছে।এটা বিচ্যুতি হৈছে।এয়া অসম আৰক্ষী চৰিত্ৰ নহয়।"

"এই ঘটনাৰ পৰা শিশু সুৰক্ষা কেতিয়াও ব্যাহত নহয়।দুৰ্গত শিশুৰ বাবে বহু বছৰ ধৰি আশ্বাস প্ৰকল্পৰ জৰিয়তে কাম কৰি আহিছে অসম পুলিচে"-মহন্তই লগতে কয়।

অসম আৰক্ষীয়ে শিশু মিত্ৰ গৱেষণা কেন্দ্ৰৰ ব্যৱস্থা কৰিছে।শিশু সম্পৰ্কীয় অপৰাধসমূহৰ যাতে উচিত তদন্ত হয়,তাৰ বাবে এই কেন্দ্ৰ স্থাপন কৰা হৈছে।

ইফালে,সমগ্ৰ ঘটনাটোত জড়িত থকা আৰক্ষীৰ বিষয়াগৰাকীয়ে নিজৰ ভুল মুহূৰ্ততে স্বীকাৰ কৰি ক্ষমা খুজিবলৈ পিছ হুহুকি নালাগে বুলিও মহন্তই কয়।আৰক্ষীৰ বিষয়া-জোৱান শসকলক উদ্দেশ্য কৰি মহন্তই কয়-"অসম আৰক্ষীৰ সেৱা মনোবৃত্তি হ'ব লাগিব, বছগিৰী মনোবৃত্তি হ'লে নহ'ব।"

সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ বিষয়াগৰাকীৰ সৈতে কথা পতা বুলিও মহন্তই কয়।আনহাতে,কিশোৰগৰাকীৰ শান্তিপুৰৰ গৃহলৈ গৈ সমগ্ৰ ঘটনাৰ তদন্তৰ কথা ব্যক্ত কৰিছে আৰক্ষী আয়ুক্তই।

Your Comments