অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বুধবাৰে অসমৰ বান সমস্যাক লৈ কেন্দ্ৰৰ গুৰুত্বহীনতা আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰৰ মৌনতা প্ৰসংগ উত্থাপন কৰি সম্বোধন কৰা সংবাদমেলক ওভতি ধৰিলে অসম প্ৰদেশ বিজেপিয়ে।বৃহস্পতিবাৰে ৰাজ্যিক বিজেপি কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰি বিজেপি মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয়-"ৰিপুন বৰাই ভুল তথ্য দাঙি ধৰিছে অসমৰ ৰাইজক।হয় তেওঁ নাজানে, নহয় তেওঁক ভুলকৈ তথ্য যোগান ধৰিছে।"
কেন্দ্ৰৰ এনডিএ চৰকাৰে অসমৰ বানপানীৰ বাবে ইউপিএ চৰকাৰতকৈ বহুত বেছি পুঁজি মুকলি কৰি দিছে।তেওঁ কয় ইউপিএ চৰকাৰৰ দিনত ২০০৪-০৯ চনলৈ ১২০৯ কোটি আৰু ২০০৯-১৪ চনলৈ ১২১১কোটি এছডিআৰএফ শিতানত পুঁজি মুকলি কৰি দিছিল।কিন্তু ২০১৪-২০লৈ এনডিএ চৰকাৰে অসমৰ বান সমস্যাৰ বাবে এছডিআৰএফ শিতানত প্ৰায় ২৪হাজাৰ কোটি টকা মুকলি কৰি দিছে।
"ৰিপুন বৰাই এটা কথা নাজানে এনডিআৰএফ আৰু এছডিআৰএফৰ ধন কেনেদৰে বিতৰণ কৰা হয়।ইউপিএ চৰকাৰৰ দিনত তিনিবাৰ এনডিআৰএফৰ পুঁজি আহিছিল।যেতিয়া এনডিআৰএফ পুঁজি শেষ হয় তেতিয়া এছ ডি আৰ এফ পুঁজি দিয়া হয়"-গোস্বামীয়ে কয়।
"কংগ্ৰেছ চৰকাৰৰ ১৫বছৰৰ শাসনৰ সময়ত কেন্দ্ৰৰ পৰা অসমৰ বানপানীৰ সময়ত পুঁজি আহিছিল প্ৰতি বছৰে ২৪৭ কোটি টকা।কিন্তু বিজেপিৰ চাৰি বছৰৰ শাসনৰ সময়ত কেন্দ্ৰৰ পৰা পুঁজি লাভ কৰিছে ২২৮৯ কোটি টকা"- মুখপাত্ৰগৰাকীয়ে কয়।
আনহাতে,চলিত বৰ্ষত ৩ এপ্ৰিলত প্ৰথম কিষ্টি হিচাপে ৩৮৬ কোটি টকা অসম চৰকাৰে লাভ কৰিছে।দ্বিতীয় পৰ্যায়ৰ কিষ্টিৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে।চলিত বিত্তীয় বৰ্ষত ৮৫৮কোটি টকা ধাৰ্য কৰা হৈছে।
- Log in to post comments
- 27 views