ভূতনাথত বিল্ডিঙৰ চাদ খহি ১টি শিশুৰ মৃত্যু,৪জন গুৰুতৰভাৱে আহত

#Bhutnath

ক'ৰ'না ভাইৰাছৰ আতংকৰ মাজতে গুৱাহাটীৰ ভূতনাথত ভয়ংকৰ ঘটনা।ঘৰৰ চাদ খহি মৃত্যু হৈছে এটি শিশুৰ।লগতে গুৰুতৰভাৱে আহত হৈছে ৪জনকৈ লোক।অভিযন্তা ডক্টৰ ধৰ্মৰঞ্জন  দাসৰ অট্টালিকাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

ভূতনাথৰ দুৰ্গা সৰোবৰত বুধবাৰে পুৱা ৪বজাত পুৰণি বিল্ডিংটোৰ চাদ খহি সংঘটিত হৈছে ভয়ংকৰ ঘটনা।মৃত্যু হোৱা শিশুটিৰ বয়স ৪বছৰ।পৰিয়ালৰ সৈতে শুই থকা অৱস্থাত সংঘটিত হয় মৰ্মান্তিক ঘটনাটো।মৃত শিশুটিৰ নাম পাৰবিন খাতুন।

Pic

ইফালে,আহত চাৰিজনক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।আহত সকল হৈছে ক্ৰমে নুৰ ইছলাম(৩৪), চাজেদা খাতুন(২৮), নুৰুদ্দিন(১২) আৰু ডেৰ বছৰীয়া এটি শিশু আটেমা গুৰুত্বৰ ভাৱে আহত হৈছে।

 

অট্টালিকাটোৰ তৃতীয় মহলাত ভাৰতীয়া হিচাপে আছিল দুৰ্ভগীয়া পৰিয়ালটো।

স্থানীয় ৰাইজৰ মতে প্ৰায় ৪০বছৰৰ পুৰণি অট্টালিকাটোত ১৫টাকৈ পৰিয়াল ভাৰাতীয়া হিচাপে আছে।জহি-খহি যোৱা বিল্ডিংটোত মেৰামতি অবিহনে দীৰ্ঘদিন ধৰি ভাড়া দি আহিছিল স্বত্বাধিকাৰী ধৰ্মৰঞ্জন দাসে।উল্লেখ্য,দাস বিল্ডিংটোত নাথাকে।

Pic

গুৱাহাটী মহানগৰীত বিপদশংকুলভাৱে ইমান পুৰণি বিল্ডিং থকাৰ পিছতো ৰহস্যজনকভাৱেদুৰ্যোগ প্ৰশমন বিভাগে ৰহস্যজনকভাৱে গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Your Comments