*থাৰ্মেল মেচিন কিয় ব্যৱহাৰ কৰা নাই বুলি প্ৰশ্ন কৰাৰ বাবে প্ৰহাৰ*
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত গৃহৰক্ষী বাহিনীৰ জোৱানৰ গুণ্ডাগিৰী।চাৰিগৰাকী গৃহৰক্ষীৰ বাহিনীৰ কৰ্তব্যৰত জোৱানৰ প্ৰহাৰত গুৰুতৰভাৱে আহত এগৰাকীৰ আইনৰ ছাত্ৰ।বেয়াকৈ প্ৰহাৰ কৰা হোৱা যুৱকজনৰ নাম হৈছে ৰাজেশ ছেত্ৰী।
উল্লেখ যে প্ৰাপ্ত তথ্য অনুসৰি মেডিকেল কলেজখনত কৰ্তব্যৰত জোৱানকেইজনে থাৰ্মেল মেচিন থকাৰ পিছতো ভিতৰত প্ৰৱেশ কৰা লোকক স্কেনিং নকৰাৰ বাবে যুৱকজনে প্ৰশ্ন কৰিছিল।সেই কথাতে জোৱানকেইজন উগ্ৰ হৈ পৰে আৰু প্ৰশ্ন কৰা যুৱকজনক বেয়াকৈ মাৰধৰ কৰে।
ইফাল সমগ্ৰ ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত যুৱকজনৰ পৰিয়ালে চাৰি গৃহৰক্ষীৰ বাহিনীৰ জোৱানৰ বিৰুদ্ধে গোচৰ তৰিছে।
- Log in to post comments
- 11 views