*হিমন্ত বিশ্ব শৰ্মা নাইপিয়া-ধৈৰ্য কোঁঁৱৰ*
*অসমবাসীৰ লগতে আছুক ধন্যবাদ বিতু সোণোৱালৰ*
মুকলি আকাশৰ তললৈ ওলাল কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তিৰ নেতা বিতু সোণোৱাল।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ক'ৰ'নাত চিকিৎসাধীন হৈ থকাৰ পিছত দেওবাৰে ক'ৰ'না মুক্ত হৈ দুয়োগৰাকী নেতা মুকলি আকাশৰ তললৈ ওলাই আহে।
উল্লেখ যে 'কা' আন্দোলনৰ সময়ত যোৱা ডিচেম্বৰ মাহৰ পৰা বিগত সাত মাহ ধৰি বন্দী হৈ থকাৰ পিছত যোৱা ১৫ আৰু ১৭ জুলাইত 'নিয়া'ৰ আদালতে মঞ্জুৰ কৰিছিল জামিন।
ক'ৰ'না মুক্তৰ লগতে কাৰামুক্ত হৈ মুকলি আকাশৰ তললৈ অহাৰ পিছত অসমবাসী ৰাইজক ধন্যবাদ জনাই দুয়োগৰাকী নেতাই।সাম্প্ৰদায়িক বিজেপি-আৰএছএছক পুলিয়ে-পোখাই অসমৰ মাটিৰ পৰা উভালি পেলাব লাগে বুলি অসমবাসী ৰাইজক আহ্বান জনায়।
"কাৰ বিৰুদ্ধে পুনৰ আন্দোলন হ'ব।আমাৰ কি দোষ আছিল এইদৰে শাস্তি দিয়াৰ বাবে"- ধৈর্যই কয়।'নিয়া' এতিয়া নিৰপেক্ষ সংস্থা হৈ থকা নাই।ৰাজনীতিৰ সংস্থালৈ পৰিৱৰ্তন হৈছে।কাৰাৰুদ্ধৰ সময়ত আমাক আৰএছএছত যোগদান কৰাৰ কথা বাৰে বাৰে কোৱা হৈছিল"-কোঁৱৰে কয়।
"হিমন্ত বিশ্ব শৰ্মাক ভগৱান সজাব নাযাব।তেওঁ নাইপিয়া।বেছি ভাল পাব গ'লে নিজৰ ভৰিত কুঠাৰ মৰা যেন হ'ব বুলি উল্লেখ কৰি তেওঁ কয়-"কথা কমকৈ কওক আৰু ক'ৰ'নাৰ বিৰুদ্ধে কাম বেছি কৰক।"
ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ নেতা বিতু সোণোৱালে আছু,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তথা অসমবাসী ৰাইজক ধন্যবাদ জনায়।"আমাক বন্দী কৰি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিক ৰাজনৈতিকভাৱে হত্যা কৰিব বিচৰা হৈছিল"-বিতুৱে কয়।
উল্লেখ যে কৃষক নেতা অখিল গগৈৰ জামিনৰ শুনানি আছে অহা ২১ জুলাইত।
- Log in to post comments
- 18 views