*তিনিদিন পূৰ্বে মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাসহ স্বাস্থ্য বিভাগৰ সচিব সংস্পৰ্শলৈ আহিছিল*
গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মা আক্রান্ত হৈছে ক'ৰ'না ভাইৰাছত।শনিবাৰে অধীক্ষক শৰ্মা আক্রান্ত হয় ক'ৰ'নাত।
উল্লেখ যে অধীক্ষক শৰ্মা ক'ৰ'নাত আক্রান্ত হোৱাৰ পিছতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসক-চিকিৎসাকর্মীসকলৰ মাজত সৃষ্টি হৈছে গভীৰ উদ্বেগৰ।
গুৰুত্বপূৰ্ণ যে আক্রান্ত শৰ্মাৰ সৈতে তিনিদিন পূৰ্বে সাক্ষাৎ হৈছিল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ।ক'ভিড-১৯ সন্দৰ্ভত এখন বৈঠকত স্বাস্থ্য বিভাগৰ বিষয়া,সচিব সমীৰ সিনহা,ক'ভিড কেয়াৰ কেন্দ্ৰসমূহৰ তত্বাৱধায়কসকলৰ সৈতে অনুষ্ঠিত জিএমচিএইচত অনুষ্ঠিত হৈছিল বৈঠক।উক্ত বৈঠকৰ দিনটোতে অধীক্ষক শৰ্মা সংস্পৰ্শলৈ আহিছিল স্বাস্থ্যমন্ত্ৰীগৰাকীৰ।তাৰ পৰৱৰ্তী সময়ত গোলাঘাট আৰু শনিবাৰে যোৰহাটত বৈঠকত অংশ গ্ৰহণ কৰিছিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বৰ্তমান চিকিৎসাধীন হৈ আছে ক'ভিড আক্রান্ত অধীক্ষকগৰাকী।অধীক্ষকগৰাকীৰ আক্রান্ত হোৱাৰ পিছতে সংস্পৰ্শলৈ অহা একাংশ চিকিৎসক-চিকিৎসাকর্মীয়ে দেওবাৰৰ পুৱাৰে পৰা ক'ভিড টেষ্ট কৰাৰ কথা বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।কিন্তু স্বাস্থ্যমন্ত্ৰী,স্বাস্থ্য বিভাগৰ সচিব তথা অন্য স্বাস্থ্য বিভাগৰ বিষয়াসকলে ক'ভিড টেষ্ট কৰাব নে নকৰায়,সেয়া হ'ব লক্ষণীয়।
- Log in to post comments
- 19 views