*বুধবাৰৰ পৰা সকলো আন্তঃজিলা ভ্ৰমণ বন্ধ থাকিব*
তিনি সপ্তাহ লকডাউনৰ পিছত কামৰূপ(ম) জিলাত সোমবাৰৰ পৰা আৰম্ভ হ'ব আনলক-১।এই কথা এক সংবাদ মেলযোগে ঘোষণা কৰিলে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত সম্বোধন কৰা সংবাদ মেলত মুখ্য সচিবগৰাকীয়ে ঘোষনা কৰে নিয়মসমূহ।
*খোলাৰ অনুমতি থাকিব*
সোমবাৰৰ পৰা সকলো দোকান খোলাৰ অনুমতি থাকিব পুৱা ৭ বজাৰ পৰা আবেলি ৫বজালৈ।কিন্তু যাতে বেছি জনসমাগম নহয়,তাৰ বাবে পথৰ একাষে থকা দোকানসমূহ এদিন খুলিব।তাৰ পিছদিনা অন্য পাৰৰ দোকানসমূহ মুকলি কৰিব।সেয়া জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিব।দুটা সপ্তাহৰ বাবে এই নিয়ম বাহাল থাকিব।
সকলো প্ৰকাৰৰ পাইকাৰী দোকান সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ মুকলি কৰিব পাৰিব।
শাক-পাচলি, মাছ-মাংস পাইকাৰী দোকানসমূহ সপ্তাহত সোমবাৰৰ পৰা শুকুৰবাৰলৈ মুকলি হ'ব।শাক-পাচলি,মাছ-মাংসৰ হোম ডেলিভাৰী হ'ব পুৱা ৭ বজা পৰা আবেলি ৫ বজালৈ।
কুৰিয়াৰ আৰু ই-কমাৰ্চ সেৱা পুৱা ৭বজাৰ পৰা গধূলি৫বজালৈ মুকলি কৰা হ'ব। সোমবাৰৰ পৰা শুকুৰবাৰলৈ।
ৰেস্তোৰাঁ আৰু অন্যান্য সেৱাসমূহ মুকলি হ'ব।খাদ্যৰ হোমডেলিভাৰী হ'ব লাগিব।ছুইগী, জমেট' আদি হোম ডেলিভাৰী ব্যৱস্থা মুকলি হ'ব।
ঔদ্যোগিক খণ্ডৰ কাম-কাজসমূহ আৰম্ভ হ'ব।কিন্তু কৰ্মচাৰীসকলৰ তাতে থকাৰ ব্যৱস্থা হ'ব লাগিব।সকলো নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব ক'ৰ'নাৰ নীতি-নিয়ম পালন কৰি।
শিশু খাদ্য,গাখীৰ,গাখীৰৰ সামগ্ৰীৰ প্ৰতিদিনে যোগান অব্যাহত থাকিব।
ঔষধ,চিকিৎসা লগত জড়িত প্ৰতিষ্ঠানসমূহ ৰাস্তাৰ দুয়ো কাষে মুকলি কৰিব পাৰিব।
অট'ৰিক্সা,ৰিক্সা আৰু অলা-উৱেৰ সেৱা মুকলি হ'ব কিন্তু ছেনিটাাইজাৰৰ ব্যৱস্থা থকাটো বাধ্যতামূলক।দুজন যাত্ৰী নিব পাৰিব।
৫০% কৰ্মচাৰীৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ মুকলি কৰিব পাৰিব।কৰ্মচাৰীৰ আৰু মালিকৰ ক'ভিড-১৯ টেষ্ট কৰিব লাগিব।
চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহ ৩০% কৰ্মচাৰীৰে মুকলি কৰিব পাৰিব।
পাৰ্লাৰ-চেলুনত কেৱল মাত্ৰ চুলি কটাৰ বাবে অনুমতি থাকিব।
*বন্ধ থাকিব*
পাণ-গুটখা,চিগাৰেটৰ দোকান মুকলি কৰাৰ অনুমতি নাই।
সকলো প্ৰকাৰৰ ব্যক্তিগত বাহন চলাচলৰ অনুমতি নাথাকিব।মেডিকেল আৰু কাৰ্যালয়ৰ কৰ্তব্য পালন কৰাৰ ক্ষেত্ৰত অনুমতি থাকিব।
পদপথৰ সকলো দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।
মল-জিম,চিনেমা হল,ছুইমিং তথা জনসমাগম হোৱা সকলো স্থান বন্ধ থাকিব।
সন্ধিয়া ৬বজাৰ পৰা পুৱা ৬ বজালৈ সকলো চলাচল বন্ধ থাকিব।
ইফালে,চিকিৎসা আৰু জৰুৰীকালীন সেৱাক বাদ দি অহা বুধবাৰৰ পৰা আন্ত:জিলা ভ্ৰমণ বন্ধ থাকিব।সোমবাৰ আৰু মঙলবাৰে কোনো লোকে যদি যাবলৈ বিচাৰে যাবলৈ পাৰিব।
গুৰুত্বপূৰ্ণ কথা এই যে দুটা সপ্তাহৰ বাবে এই নিয়ম সমূহ ঘোষণা কৰা হৈছে।
- Log in to post comments
- 51 views