*বৰ্তমানলৈ মুঠ আক্রান্ত হৈছে ৩২৮জন*
গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত ক'ৰ'না ভাইৰাছৰ ভয়াৱহ গণ সংক্ৰমণ।প্ৰায় ১১শ কয়দী থকা কাৰাগাৰখনত বৃহস্পতিবাৰৰ দিনটোলৈকে ক'ৰ'নাত আক্রান্ত ৩২৮জনকৈ কয়দী।উল্লেখ যে বৃহস্পতিবাৰৰ দিনটোত কাৰাগাৰখনত আক্রান্ত হৈছে ১৮৪জন কয়দী।
গুৰুত্বপূৰ্ণ যে কাৰাগাৰখনত বিগত সাত মাহ ধৰি বন্দী হৈ থকা চাৰি কৃষক নেতা অখিল গগৈ,ধৈৰ্য কোঁৱৰ,বিতু সোণোৱাল,মানস কোঁৱৰে তিনিমাহ পূৰ্বে কাৰাগাৰত ক'ৰ'নাৰ ভয়াৱহ গণ সংক্ৰমণ হ'ব বুলি অভিযোগ উত্থাপন কৰিছিল।কৃষক নেতা ধৈর্যই 'নিয়া'ৰ আদালতত হাজিৰ কৰোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত প্ৰায় তিনিমাহ পূৰ্বে এই বৰ্তমান দেখা দিয়া ভয়াৱহ পৰিস্থিতিৰ আশংকা কৰিছিল।তেওঁ কৈছিল কাৰাগাৰৰ ভিতৰত সামাজিক দূৰত্বৰ কোনো নিয়ম নাই।জীৱন-মৃত্যুৰ ভয়াৱহতাক বুকুত বান্ধি জীয়াই থাকিব লগা হৈছে কয়দীসকল।
ইফালে,কৃষক নেতাকেইজনৰ অভিযোগৰ পিছতো কোনো গুৰুত্ব নাছিল প্ৰশাসনৰ।ফলত,বৰ্তমান সময়ত ক'ৰ'নাৰ অন্যতম অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰখন।
তাৎপৰ্যপূৰ্ণ যে বিভিন্ন সময়ত কাৰাগাৰখনৰ ভয়াৱহতাৰ বিৱৰণ দি অহা তিনিজন কৃষক নেতা ইতিমধ্যে ক'ৰ'নাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে।
কাৰাগাৰখনত ৮১৪জন কয়দীৰ ইতিমধ্যে এন্টিজেন টেষ্ট সম্পূৰ্ণ কৰা হৈছে।এই কথা জনালে কাৰাগাৰ কৰ্তৃপক্ষই।
- Log in to post comments
- 15 views