*'নিয়া'ৰ দুটা গোচৰত জামিন পালে মুকলি আকাশৰ তললৈ ওলাব কৃষক নেতা অখিল*
কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে চাবুৱা থানাত ৰুজু হৈ থকা তিনিটা গোচৰত জামিন মঞ্জুৰ।গুৱাহাটী উচ্চ ন্যায়ালয়ে গগৈৰ বিৰুদ্ধে চাবুৱা থানাত ৰুজু হৈ থকা ক্ৰমে ২৯৩/২০১৯, ২৯৬/২০১৯ আৰু ৩০৭/২০১৯ নম্বৰ গোচৰত বৃহস্পতিবাৰে জামিন মঞ্জুৰ কৰিছে।
বিগত ৭মাহ ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতাগৰাকীৰ বিৰুদ্ধে যদি নতুনকৈ কোনো গোচৰ ৰুজু নকৰে,তেনেহ'লে 'নিয়া'ৰ দুটা গোচৰ ক্ৰমে ১৩/১৯ আৰু ১/২০ নম্বৰ গোচৰত জামিন মঞ্জুৰ হ'লেই অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ বাট মুকলি হ'ব।এই কথা জনালে অধিবক্তাই।
গুৰুত্বপূৰ্ণ যে 'নিয়া'ৰ গোচৰত গ্ৰেপ্তাৰ হৈ থকা অখিলৰ দুই সতীৰ্থ বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ ইতিমধ্যে জামিন মঞ্জুৰ কৰিছে আদালতে।
শুকুৰবাৰে কৃষক নেতা ধৈৰ্য কোঁৱৰৰ 'নিয়া'ৰ গোচৰৰ জামিনৰ ৰায় দিব আদালতে।
- Log in to post comments
- 26 views