'কটনিয়ান জাগৰণ মঞ্চ'ৰ নৱ শৈক্ষিক বিপ্লৱ:তলাবন্ধৰ সময়ত চুবুৰীয়ে-চুবুৰীয়ে আৰম্ভ বিনামূলীয়া শিক্ষাদান

Cotton

কটন বিশ্ববিদ্যালয়ৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠান 'কটনিয়ান জাগৰণ মঞ্চ'ই  আৰম্ভ কৰিছে এক নৱ শৈক্ষিক বিপ্লৱৰ।তলাবন্ধৰ সময়ছোৱাত ব্যাহত হৈ পৰা শৈক্ষিক পাঠদানক সময়ৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰি আৰম্ভ কৰিছে ৰাজ্যৰ চুবুৰীৰে-চুবুৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ পাঠদানৰ এটা  কাৰ্যসূচী।

স্বাস্থ্য বিভাগে ক'ৰ'না ভাইৰাছৰ বাবে বান্ধি দিয়া সকলো নীতি-নিৰ্দেশনা মানি চলি সামাজিক দূৰত্ব বৰ্তাই ৰাখি আৰম্ভ কৰা এই শৈক্ষিক বিপ্লৱত কটনৰ উপৰিও ৰাজ্য বিভিন্ন প্ৰান্তৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী জড়িত হৈছে।

Cotton

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হীৰকজ্যোতি পাটোৱাৰীৰ সহযোগত আৰু কটনিয়ান জাগৰণ মঞ্চৰ সভাপতি-সম্পাদক ক্ৰমে প্ৰীতমৰাজ মিলি আৰু হৃষিকেশ মেধিৰ আহ্বানত গঢ় লৈ উঠা কটনিয়ান জাগৰণ মঞ্চৰ এই শৈক্ষিক বিপ্লৱ সাম্প্ৰতিক সময়ত অতি প্ৰাসংগিক হৈ পৰিছে।

নৱ শৈক্ষিক বিপ্লৱৰ কার্যসূচী সন্দৰ্ভত মঞ্চৰ সাধাৰণ সম্পাদক হৃষিকেশ মেধিয়ে কয়- "শিক্ষা লাভত কোনো দিশেই হেঙাৰ হ'বলৈ নোৱাৰে।আমি ভাবোঁ এই বিপ্লৱে অসমৰ ছাত্ৰ সমাজক যথেষ্ট উপকৃত কৰিব।অনলাইন শিক্ষাৰ সীমাবদ্ধতা আৰু বৰ্তমান সংকটময় সময়ে আমাক এনেধৰণৰ চিন্তা-চৰ্চাৰ কৰিবলৈ বাধ্য কৰাইছে।"

সমগ্ৰ অসমৰ ছাত্ৰ সমাজক এই নতুন শৈক্ষিক বিপ্লৱৰ কাৰ্যসূচীৰ অংশীদাৰ হোৱাৰো আহ্বান জনাই সম্পাদকগৰাকীয়ে।


উল্লেখ যে ছাত্ৰ সমাজৰে গঠিত কটনিয়ান জাগৰণ মঞ্চ নামৰ অনুষ্ঠানটোৱে ইয়াৰ পূর্বেও ৰাজ্য দুৰ্গতসকলৰ মাজত খাদ্য-বস্ত্ৰ বিতৰণ, ৰক্তদান,বন্যাৰ্তক সহায়ৰ হাত আগবঢ়োৱাৰ দৰে মহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে।

Your Comments