"জয় আই অসম,৫বজাৰ পৰা আমাক ৰখাই থৈছে,ইমান কষ্টত আছোঁ,বহুত অত্যাচাৰ কৰা হৈছে"-অখিল গগৈ

Akhil Gogoi

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দেওবাৰে ৰাতি ১২বজাত গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতাললৈ অনা হ'ল কৃষক নেতা অখিল গগৈক।চিকিৎসালয়লৈ অনাৰ সময়ত সংবাদ মাধ্যমৰ আগত কথা ক'বলৈও শক্তি নাছিল কৃষক নেতা গগৈৰ।স্বাস্থ্য বিভাগৰ এম্বুলেন্সৰ ভিতৰত কৃষক নেতা গগৈ দুৰ্বল শৰীৰৰে পৰি ৰৈছিল।গাড়ীৰ পৰা যেন অকলে নামিব পৰা নাছিল ক'ৰ'নাত আক্রান্ত গগৈ।

গাড়ীৰ পৰা নামি দুৰ্বল শৰীৰৰে গগৈয়ে কোনোমতে জয় আই অসম  ধ্বনি দিয়ে আৰু লগতে কয়-"৫ বজাৰ পৰা আমাক ৰখা থৈছে।ইয়াত আমি ইমান কষ্টত আছোঁ।বহুত অত্যাচাৰ কৰা হৈছে।"

উল্লেখ যে জ্বৰ-কাহ আৰু গাৰ বিষত গুৰুতৰভাৱে অসুস্থ গগৈৰ দেহত শেহতীয়াভাৱে ধৰা পৰে ক'ৰ'না ভাইৰাছ।গগৈৰ  চিকিৎসাৰ বাবে ডাঃ ভৱানী প্ৰসাদ  চক্ৰৱৰ্তীক লৈ এখন ৫ জনীয়া কমিটী  গঠন কৰা হৈছেে।

Your Comments