মৰিগাঁৱত ৩জন স্বাস্থ্যকৰ্মী,৭জন চিআৰপিএফ জোৱানসহ মুঠ ১৯জন ক'ৰ'নাত আক্ৰান্ত

মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

মৰিগাঁও জিলাত ৩  জন স্বাস্থ্যকৰ্মী,৭ জন চিআৰপিএফ জোৱানসহ মুঠ ১৯ জন লোক পুনৰ নতুনকৈ ক'ৰ'নাত আক্ৰান্ত হৈছে।ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ২২৪ জনলৈ বৃদ্ধি পাইছে।ইয়াৰে ১৬২ জনে আৰোগ্য লাভ কৰাত বৰ্তমানে ৬২ জন লোক চিকিৎসাাধীন হৈ থাকিব লগাত পৰিছে।ইফালে,মৰিগাঁও জিলাত গুৱাহাটীৰ লগতে কেইবাখনো জিলাৰ ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰি থকাত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৩৮৪ জনৰ ভিতৰত ইতিমধ্যে ২৫১ জন আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা অব্যাহতি লৈছে।বৰ্তমানে জিলাখনত চিকিৎসাধীন হৈ থকা ৰোগীৰ সকলৰ ভিতৰত মৰিগাঁও জিলাৰ ৬২ জন আৰু অন্যান্য জিলাৰ ৭১ জন।জিলাখনত নতুনকৈ আক্ৰান্ত হোৱা সকলৰ ভিতৰত গড়মাৰী ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰৰ হ'ম কুৱাৰেণ্টাইনত থকা দুই স্বাস্থ্য কৰ্মী মামু বৰদলৈ(৩৬),বলৰাম মণ্ডল(৪১) আৰু ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মুকুট দাস(৩৮)।হ'ম কোৱাৰেণ্টাইনত থকা  জাগীৰোড চিআৰপিএফৰ ৭  জন জোৱান হৈছে চৰণ কুমাৰ সিং(৩২),ৰাহুল কুমাৰ ওৰাৱন(২৬),শচীন টিৰকি((৩৫),চবুৰ খান(৩৫),অনিল পাছৱান(২৬),বলৱান টাৰাম(৩৯) আৰু ৰাম নৰেশ(৪১)।চিআৰপিএফৰ আটাইকেজন জোৱানকে খানাপাৰা  ন-মাইলস্থিত চি আৰ পি এফৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে। ইফালে কৰ'নাত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ আহি হ'ম কুৱাৰেণ্টাইনত থকা ৭ জন লোকৰ ভিতৰত আছে জাগীৰোড কিশোৰ ক্লাৱৰ শংকৰ দে(৪২),পম্পী কৰ দে(২৬),সুমা দে দত্ত(৩৪),প্ৰতিক দত্ত(১০),সুমা দাস(৪২),ইসা দাস(২১), বিশ্বনাথ দাস(৭০), জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেইন্টাইন কেন্দ্রত থকা মিকিৰগাঁৱৰ পাপু আলী(২৫) আৰু হ'ম কুৱাৰেণ্টাইনত থকা জাগীৰোড ন-খোলাৰ ৰাজু ডেকা(৫৪)।

 

Your Comments