কাৰাৰুদ্ধ অসুস্থ অখিল গগৈৰ উপযুক্ত চিকিৎসা আৰু মুক্তিৰ দাবী ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

Dr.Samujjol Kumar Bhattacharjya

নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিৰুদ্ধে আন্দোলন কৰাৰ অপৰাধত বিগত ৭মাহ ধৰি বন্দী হৈ আছে কৃষক নেতা অখিল গগৈ।বহুকেইটা গোচৰত শাসক পক্ষই বন্দী কৰি ৰখা কৃষক নেতাগৰাকী শেহতীয়াভাৱে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে অসুস্থ হৈ পৰিছে।জাতিৰ বাবে সংগ্রাম কৰি কাৰাৰুদ্ধ হৈ থকা কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

Twit

ড:ভট্টাচাৰ্যই অসুস্থ কৃষক নেতাগৰাকীৰ উপযুক্ত চিকিৎসা প্ৰদান কৰাৰো দাবী জনাইছে বিশেষ টুইটটোত।

"চৰকাৰে আক্ৰোষমূলক আৰু অন্যায়ভাৱে অমানৱীয় আচৰণ কৰিছে কৃষক নেতা অখিল গগৈ আৰু তেওঁ সতীৰ্থৰ ওপৰত।শীঘ্ৰে উপযুক্ত চিকিৎসা প্ৰদান কৰক"-ভট্টাচাৰ্য্যই কয়।

লগতে টুইটটোত তেওঁ দাবী জনায়-"অখিল আৰু তেওঁ সতীৰ্থ কাৰাবন্দীক শীঘ্ৰে মুকলি কৰি দিব লাগে।"

উল্লেখ যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অসুস্থ হৈ আছে কৃষক নেতা গগৈ।জ্বৰ-কাহ আৰু গাৰ বিষত আক্রান্ত গগৈ।দিল্লীৰ ক'ভিড টেষ্টৰ খবৰ অনুসৰি গগৈ ক'ৰনাত আক্রান্ত হোৱা নাই।

ইফালে,তেওঁৰ দুই সতীৰ্থ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল ক'ৰ'নাত আক্রান্ত হৈছে।

Your Comments