নগাঁৱত ড্ৰাগছৰ কৱলত পৰি কিশোৰীৰ মৃত্যু,পাঁঁচজন গ্ৰেপ্তাৰ:তীব্ৰ চাঞ্চল্য

Nagaon Drugs

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও চহৰৰ ফৌজদাৰিপট্টিত বুধবাৰে সন্ধিয়া মুমূৰ্ষু অৱস্থাত গাড়ীৰ পৰা পেলাই থৈ যোৱা এগৰাকী ড্ৰাগছ আসক্ত কিশোৰীৰ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মৃত্যু হোৱা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।  প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে,এখন বগা ৰঙৰ ছুইফট ডিজায়াৰ গাড়ীৰ  শপৰা তিনিজন যুৱকে মুমূৰ্ষ অৱস্থাত সন্ধিয়া পেলাই থৈ গৈছিল ফৌজদাৰিপট্টিৰ নামঘৰ পথৰ  ১৫ বছৰীয়া কিশোৰী স্নেহা ডেকাক।নিশাই  কিশোৰীগৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।অত্যধিক ড্ৰাগছ সেৱনৰ ফলতেই কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।ইফাালে,ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নগাঁও চহৰৰ বৈদ্যটূপৰ পৰা মানস বৰা(২১)আৰু ক্ষিৰোদ কমল বৈশ্য (২৩) আৰু টিংকু সিং(২৪) নামৰ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে।ধৃত যুৱককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে নিশাই নগাঁৱৰ বেবেজীয়া মাহৰআটিত অভিযান চলাই এখন দৰ্জা বন্ধ গাড়ীৰ ভিতৰৰ পৰা অচেতন অৱস্থাত আন এগৰাকী কিশোৰীকো উদ্ধাৰ কৰে।  আৰক্ষীয়ে এ এছ ০২ আৰ ৩৩৬০ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীখনো জব্দ কৰে। ঘটনাটোৰ লগত জড়িত ধৃত যুৱককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাওঁ আৰক্ষীয়ে নিশাই অভিযান চলাই  নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী  চিলঙনীত এটা ড্ৰাগছৰ ঘাটিত অভিযান চলাই ঘাটিটো উচ্ছেদ কৰাৰ লগতে নুৰ মহম্মদ (৩৭) আৰু জাইগুন নেহাৰ ( ৩৫ ) নামৰ ড্ৰাগছ ব্যৱসায়ী এহাল দম্পতিক  গ্ৰেপ্তাৰ কৰে।অভিযান-কালত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ,নকল টকা,কেতবোৰ সামগ্ৰী আৰু নগদ ২৮ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষী সূত্ৰই জনাইছে।আৰক্ষীৰ সূত্ৰই জনোৱা মতে, যুৱক আৰু কিশোৰীকেইগৰাকীয়ে সেই ঘাটিটোৰ পৰা ড্ৰাগছ ক্ৰয় কৰি সেৱন কৰিছিল।আৰক্ষীয়ে মৃত কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ মৃতদেহটো      বৃৃৃৃৃহস্পতিবাৰে পৰিয়ালক চমজাই দিয়ে। আনহাতে,নিশা বেবেজীয়া মাহৰীআটিত দৰ্জা বন্ধ গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা আনগৰাকী কিশোৰীৰ স্বাস্থ্য পৰীক্ষা কৰাই তেওঁকো পৰিয়ালৰ লোকক চমজি দিয়া হৈছে।

ইফালে,অকাল মৃত্যুক সাৱটি লোৱা নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ড্ৰাগছ আসক্ত দলটোৱে অপহৰণ কৰি বলপূৰ্বকভাৱে ড্ৰাগছ সেৱন কৰোৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে । ড্ৰাগচ আসক্ত কিশোৰীগৰাকীৰ মাতৃয়ে গালি পাৰি সকীয়নী দিয়াৰ পৰিণতিতে  বৃৃহস্পতিবাৰৰ ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা বুলিও ভুক্তভোগী পৰিয়ালটোৱে মন্তব্য কৰিছে।আনকি কিশোৰীগৰাকীক বলপূৰ্বক ড্ৰাগছ সেৱন কৰাই দলটোৱে ধৰ্ষণৰ চেষ্টা চলোৱা বুলিও পৰিয়ালৰ লোকে অভিযোগ তুলিছে।স্মৰ্তব্য যে বুধবাৰে ফৌজদাৰীপট্টিৰ স্নেহা ডেকা নামৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক আন এগৰাকী কিশোৰীৰ সৈতে ফটোশ্বুট কৰাব বুলি কৈ এখন বগা ৰঙৰ ছুইফট ডিজায়াৰ গাড়ীত উঠাই নগাঁও বাইপাচৰ ফালে লৈ গৈছিল নগাঁৱৰ তিনি ড্ৰাগছ আসক্ত যুৱকে।তাৰ পিছত তেওঁলোক ড্ৰাগছৰ ঘাটিলৈ যায় আৰু তাতেই ড্ৰাগছ সেৱন কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত অকাল মৃত্যুক সাৱটি লোৱা কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিৰ্তিত নগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ৩৪১/৩৬৬/৩২৮/৩৭৬(৩)/৫০৬/১২০(বি) ৩৪আই পি চি আৰ ডব্লিউ ধাৰা ৪প্ৰছকো আইনৰ অধীনত ১৬৬০/২০২০নম্বৰত এক গোচৰ পঞ্জীভুক্ত কৰি তদন্ত অব্যাহত ৰাখিছে।

 

Your Comments