নগাঁৱৰ বঢ়মপুৰত বন্যহস্তীৰ তাণ্ডৱ

নগাঁও

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও জিলাৰ  বঢ়মপুৰত বুধবাৰে নিশা বনৰীয়া হাতীয়ে তাণ্ডৱৰ সৃষ্টি কৰে।খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বনৰীয়া হাতীৰ বৃহৎ জাকে নিশা অঞ্চলটোত প্ৰবেশ কৰি ঘৰ-বাৰী ভাঙি তহিলং কৰে।হাতীৰ জাকটোৱে বঢ়মপুৰ আদৰ্শ গাঁও,ঘূগৰ গাঁও,শিৱস্থান অঞ্চলত সাতটাকৈ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বয়বস্তু ভাঙি ক্ষতিসাধন কৰে।হাতীৰ জাকটোৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে  পৰিয়ালকেইটাৰ ববী বৰা,কণল'ৰা হাজৰিকা, তুলকি বৰা,পৰ্ণকান্ত বৰা,অজিত মাঝি, নিৰঞ্জন ভূমিজ আৰু বিপুল শইকীয়া নামৰ ব্যক্তিকেইজন।উল্লেখ্য যে নগাঁও বন বিভাগৰ দুৰ্বলতাৰ বাবেই বনৰীয়া হাতীৰ তাণ্ডৱত এইদৰে ভয়ৰ মাজত দিন কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে।

Your Comments