নৱনিযুক্ত নলবাৰীৰ উপায়ুক্তৰ ভগ্ন মথাউৰি পৰিদৰ্শন

Nalbari DC

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

বৃহস্পতিবাৰে পুৱাৰ ভাগত নলবাৰী জিলাৰ নৱনিযুক্ত উপায়ুক্ত পূৰৱী কোৱঁৰে টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত গোৱৰাদল অঞ্চলৰ দহকাউনিয়াৰ নিকটৱৰ্তী মৰাপাগলাদিয়া নদীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে।উপায়ুক্তগৰাকীয়ে দহকাউনিয়াৰ গাঁওবুঢ়া কালিচৰণ বৰ্মনৰ লগত ঠাইখিনিত ভগ্ন মথাউৰিয়ে কেনেদৰে স্থানীয় লোকক ক্ষতিগ্ৰস্ত কৰিছে তাৰ বুজ লয়।তেওঁৰ এই ভগ্ন মথাউৰি পৰিদৰ্শন-কালত টিহু ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰক্তিম বৰুৱা আৰু লাট মণ্ডল দিবাকৰ বৰ্মনে সংগ দিয়ে।মৰাপাগলাদিয়া নদীৰ ওপৰৰ পকী দলঙৰ নিকটৱৰ্তী শিয়ালমাৰীৰ বড়ো চুবুৰীৰ ভগা কৃষিবান্ধৰ সন্দৰ্ভতো বালিৰ গাঁওবুঢ়া শৰৎ চন্দ্ৰ পাঠকৰ পৰা পৰিস্থিতিৰ বুজ লয়।এই দুয়ো ঠাইৰ বাহিৰেও নলবাৰী জিলাত ভগ্ন মথাউৰি কিমান আছে আৰু কিমান লোক তাৰ পৰা ক্ষতিগ্ৰস্ত হৈছে,সেই বিষয়তো এটা আভাষ লয় উপায়ুক্ত কোঁঁৱৰে।উপায়ুক্তগৰাকীৰ মথাউৰি পৰিদৰ্শন-কালত টিহু ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া হিমাশ্ৰী বৈশ্যও উপস্থিত থাকে।

Your Comments