"আইনৰ উৰ্ধত নহয় ফাঁঁচীবজাৰ,নহয় অসমৰ মালিকো"
গুৱাহাটীত লকডাউনৰ সামান্য শিথিলতাৰ পিছত মঙলবাৰে ফাঁচী বজাৰ পৰিদৰ্শন কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই।ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰি খঙত অগ্নিশর্মা হৈ পৰে মন্ত্ৰীগৰাকী।স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি নিদিয়া জনতা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানক ধমক দিয়ে মন্ত্ৰী হাজৰিকাই।"ফাঁচীবজাৰ আইনৰ উৰ্ধত নহয়,ফাঁঁচীবজাৰ অসমৰ মালিকো নহয়,ফাঁঁচীবজাৰৰ মানুহে যদি ভাবে আমাৰ পইচা আছে, সকলো কৰিব পাৰিম,সেয়া নহ'ব"- মন্ত্ৰী পীয়ুষে কয়।
ফাঁচীবজাৰত স্বাস্থ্য বিভাগৰ সামাজিক দূৰত্বৰ কোনো গুৰুত্ব দেখা নাপাই মন্ত্ৰীজনে কয়-"ফাঁঁচীবজাৰৰ মানুহে কাকো পাত্তা দিবই নোখোজে।কোনো সামাজিক দূৰত্ব নাই।" পৰিদৰ্শনৰ সময়ত এগৰাকী ব্যৱসায়ীয়ে সামাজিক দূৰত্ব মানি চলা বুলি মন্ত্ৰীগৰাকীক কয়।লগে লগে মন্ত্ৰী হাজৰিকাই উভতি ধৰে ব্যৱসায়ীগৰাকীক কৎ-"মই কাকো ভয় নকৰো।বাহিৰৰ পৰিৱেশ দেখিছোঁ।টুপী পিন্ধাবলৈ চেষ্টা নকৰিব।"
উল্লেখ যে গুৱাহাটীত ক'ৰ'না গণ সংক্ৰমণ ভয়াৱহ ৰূপত দেখা গৈছে।প্ৰথম অৱস্থাত ফাঁচীবজাৰৰ পৰাই আৰম্ভ হৈছিল গণ সংক্ৰমণ।তাৰ বাবে কামৰূপ(ম) জিলাত ১৪দিনৰ লকডাউন কাৰ্যকৰী হৈ আছে।এটা সপ্তাহ সম্পূৰ্ণ লকডাউন হোৱাৰ পিছত সোমবাৰে গ্ৰ'ছাৰী দোকান মুকলি কৰাৰ বাবে লকডাউন সামান্য শিথিল কৰা হৈছে।তেনে সময়তে লকডাউনৰ দ্বিতীয় দিনটোত ফাঁঁচীবজাৰত বহু লোকে ভিৰ কৰা পৰিলক্ষিত হয়।
মন্ত্ৰীগৰাকীয়ে শেষবাৰলৈ ব্যৱসায়ীসকলক সকীয়নী প্ৰদান কৰি কয়-"আগন্তুক সময়ত চৰকাৰৰ নীতি-নিয়ম যদি কোনো ব্যৱসায়ীয়ে মানি নচলে,তেনেহ'লে দুমাহ পৰ্যন্ত চীল কৰি দিয়া হ'ব ব্যৱসায়িক প্ৰতিষ্ঠান আৰু গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ।"জনতাকো সামজিক দূৰত্ব বজাই ৰখাৰ আহ্বান জনায় আৰু আৰক্ষীক এই ক্ষেত্ৰত কঠোৰ হ'বলৈ নির্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।
- Log in to post comments
- 14 views