*চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান*
ৰাজ্যৰ কেবিনেটৰ নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ কৰা আৰু অসমবাসীৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰাজ্যজুৰি পালন কৰা হয় অনশন কাৰ্যসূচী।কৃষক মুক্তিৰ কৰ্মী-সমৰ্থকসকলে প্ৰতিখন জিলা সদৰ আৰু ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ক'ৰ'নাৰ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈকে ৰাজ্যৰ বিভিন্ন ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত দিনজোৰা কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয় অনশন কাৰ্যসূচী।
উল্লেখযোগ্য যে যোৱা ২৯ জুনত অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি গৃহীত কৰা 'অসম ক্ষুদ্ৰ,লঘু আৰু মজলীয়া উদ্যোগ(প্ৰতিষ্ঠা আৰু পৰিচালনা সাহায্য)অধ্যাদেশ-২০২০' ক থলুৱা কৃষক বিৰোধী,অসমৰ সমাজ জীৱনৰ বাবে অতিশয় ভয়ংকৰ আৰু পৰিৱেশৰ প্ৰতি ভাবুকিস্বৰূপ বুলি অভিহিত কৰি শীঘ্ৰে এই অধ্যাদেশ প্ৰত্যাহাৰৰ বাবে দাবী জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে অসমৰ জনসাধাৰণক আওকাণ কৰি থলুৱা কৃষক বিদ্বেষী, জাতিধ্বংসী অধ্যাদেশ অসমৰ ৰাইজৰ ওপৰত জোৰ কৰি জাপি দিব খুজিছে।চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত কোনোপধ্যে অসমবাসীৰ ওপৰত জাপি দিয়াটো সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে অনশনকাৰীসকলে।যদি চৰকাৰে এই দাবী মানি নলয়,তেন্তে সংগঠনটোৱে ইয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।
ৰাজ্যৰ প্ৰতিখন জিলা চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা হয় অনশন কাৰ্যসূচী।
- Log in to post comments
- 7 views