হাজোৰ পৰা কমলাকান্ত দাস:
হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত অভয়পুৰ দলৈপথাৰৰ বিলত জাল পাতিবলৈ গৈ সন্ধানহীন হোৱা তপন বেজবৰুৱাৰ মৃতদেহ দেওবাৰে পুৱাৰ ভাগতে ৰাইজৰ সহযোগত দূৰ্যোগ প্ৰশমন বিভাগৰ লোকে উদ্ধাৰ কৰে। উল্লেখ্য যে শনিবাৰে দিনৰ প্ৰায় দহ বজাত তপন বেজবৰুৱাই অভয়পুৰ দলৈপথাৰৰ বিলত জাল পাতি থকা অৱস্থাত হঠাতে পিছলি দ খাৱৈত পৰি বুৰ যায়।এই ঘটনা প্ৰত্যক্ষ কৰা এজন স্থানীয় লোকে ততালিকে ওচৰ চুবুৰীয়াক খবৰ দিয়ে।ততালিকে স্থানীয় একাংশ লোকে তেওঁক উদ্ধাৰ কৰাৰ বাবে বিলত নামি পৰে যদিও ব্যৰ্থ হয়।ঘটনাৰ খবৰ পোৱা মাত্ৰকে হাজো আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰৰ বাবে বিলত নামি পৰে যদিও সন্ধিয়া পৰ্যন্ত তপন বেজবৰুৱাৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে।শনিবাৰে নিশাৰ আন্ধাৰৰ বাবে উদ্ধাৰ কাৰ্য্য বন্ধ ৰাখে যদিও পুৱাৰ ভাগত দুৰ্যোগ প্ৰশমন বিভাগৰ লোকে পুনৰ উদ্ধাৰ অভিযান চলাই প্ৰায় দহ বজাত সন্ধানহীন তপন বেজবৰুৱাৰ মৃতদেহ বিলৰ পৰা উদ্ধাৰ কৰে।
- Log in to post comments
- 14 views