নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত পণ্ডিত,সাহিত্যাচাৰ্য ডঃ হৰিনাথ শৰ্মা দলৈ স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন    

ঘগ্ৰাপাৰ

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

"নলবাৰীত পাঁ‌চগৰাকী সাহিত্য কাণ্ডাৰীৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা হ'ব"-বিধায়ক অশোক শৰ্মা                                        

"সাহিত্য সভা অসমৰ জাতীয় অনুষ্ঠানেই নহয়, ই অসমীয়া ৰাইজৰ হৃদয়ৰ অনুষ্ঠান।সাহিত্য সভাই নতুন নতুন সাহিত্যিকৰ সৃষ্টি কৰিব লাগিব।সমাজত যিসকল ব্যক্তিয়ে লিখাৰ বাবে উৎসাহ আৰু প্ৰেৰণা পোৱা নাই,সেইসকলক সাহিত্য সভাই উৎসাহ আৰু প্ৰেৰণা দিব লাগিব।"-এই মন্তব্য নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ।নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ৩০ জুনত সাহিত্য সভা কাৰ্যালয়ত অনুষ্ঠিত কৰা পণ্ডিত,সাহিত্যাচাৰ্য "ডঃ হৰিনাথ শৰ্মা দলৈ স্মাৰক বক্তৃতা আৰু স্মৃতি দিৱস"ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিধায়ক শৰ্মাই সাহিত্যাচাৰ্য হৰিনাথ শৰ্মা দলৈৰ জীৱন আৰু কৃতি  সম্পৰ্কে আলোকপাত কৰি তেওঁঁক জীৱিতকালত ৰাইজে যিমান মৰম আৰু শ্ৰ্দ্ধা দিব লাগিছিল,সিমান দিব পৰা নাছিল বুলি আক্ষেপ কৰে।বৰ্ত্তমান সময়ত নতুন প্ৰজন্মৰ মাজত সাহিত্যাচাৰ্যগৰাকীৰ সৃষ্টিৰাজি সজীৱ কৰি তুলিবলৈ বিধায়কগৰাকীয়ে সাহিত্য সভাক আহ্বান জনায়।লগতে বিধায়ক শৰ্মাই নলবাৰীত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ত্ৰৈলোক্য নাথ গোস্বামী,গিৰিধৰ শৰ্মা,ৰঘুনাথ চৌধাৰী আৰু কনকসেন ডেকাৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰিব বুলিও সভাত ঘোষণা কৰে।

Ghagrapar

নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্ধোধন কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডা:বিপিন চন্দ্ৰ কলিতাই।উদ্ধোধনী ভাষণত কলিতাই ড° হৰিনাথ শৰ্মা দলৈৰ 'ভাৰত কোষ' অসমীয়া সাহিত্যৰ মাইলৰ সুঁ‌তি বুলি কয় । সাহিত্যৰ দিশত শৰ্মা দলৈ এটি উজ্বল নক্ষত্ৰ বুলি কৈ ডা:কলিতাই তেওঁঁৰ সকলো ৰচনা থূপ লগাই গ্ৰন্থ আকাৰত প্ৰকাশ কৰিব লাগে বুলিও উদ্ধোধনী ভাষণত কয়।জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই উদ্দেশ্য বাখ্যা কৰা সভাৰ আৰম্ভণিতে বনশ্ৰী গোস্বামীয়ে ভজন পৰিৱেশন কৰি পৰিৱেশ গাম্ভীৰ্যপূৰ্ণ কৰি তোলে।নলবাৰী উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ বনদ্বীপ ডেকা উপস্থিত থাকি সাহিত্যাচাৰ্য ড° হৰিনাথ শৰ্মা দলৈৰ সাহিত্যৰ সৃষ্টিসমূহ জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সভাসমূহলৈ যাব লাগে বুলি আহ্বান জনায়।জিলা সাহিত্য সভাৰ নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী স্মাৰক পুথিভঁৰালত আবেলি তিনি বজাত হোৱা অনুষ্ঠানত  ‘সমালোচনাত্মক সাহিত্যলৈ ডঃ হৰিনাথ শৰ্মা দলৈৰ অৱদান’ বিষয়ত আলোচনা আগবঢ়ায় বৰভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকাই ।  বক্তৃতাত ডেকাই সংঘাতপুৰ্ণ সময়ৰে ড° শৰ্মা দলৈৰ জীৱন আগবাঢ়িছিল বুলি কয়।তেওঁঁৰ শিক্ষকতা বৃত্তিগত নাছিল,প্ৰকৃতিগত আছিল বুলি কৈ তেও দি যোৱা 'ভাৰত কোষ' অসমীয়া সাহিত্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে।ড° শৰ্মা দলৈয়ে ডেৰকুৰি গ্ৰন্থ ৰচনা কৰি গৈছে আৰু সমাজ কেনেদৰে চলিব লাগে,এই কথা তেওঁঁৰ গ্ৰন্থসমূহৰ পৰা জানিব পাৰি বুলি অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডেকাই কয়।বৈষ্ণৱ, শংকৰী,শৈৱ আদি দিশৰ ওপৰত তেওঁঁ যিবোৰ ৰচনা কৰি গৈছে,সকলোবোৰেই গৱেষণামূলক বুলি ডেকাই স্মাৰক বক্তব্যত কয়।সভাত জিলা সাহিত্য সভাৰ উপ-সভাপতি অতুল চন্দ্ৰ শৰ্মা,অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোৱিন্দ কলিতা,নলবাৰী হৰি মন্দিৰ সমিতিৰ সম্পাদক নগেন ডেকা,বিশিষ্ট চিকিৎসক ডা:কামেশ্বৰ লহকৰে ভাষণ দিয়াৰ লগতে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভুষণ দেৱ চৌধুৰীয়েও নলবাৰীৰ সাহিত্য-সংস্কৃতি আৰু সামাজিক বাতাৱৰণৰ কথা সুন্দৰভাৱে বৰ্ননা কৰে।এই অনুষ্ঠানত সাহিত্যাচাৰ্য ডঃ হৰিনাথ শৰ্মা দলৈৰ পত্নী শশীপ্ৰভা দেৱীৰ স্মৃতিত ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সংস্কৃত বিষয়ত নলবাৰী জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপক বৰভাগ শংকৰদেৱ বিদ্যা নিকেতনৰ  বিদ্যাৰ্থী সাধনা শৰ্মালৈ বঁটা প্ৰদান কৰা হয়।ইয়াৰ পূৰ্বে জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক শ্বাহ আলম আহমেদ,নৰেশ্বৰ কলিতা আৰু জোন বৰ্মনৰ সহযোগত পণ্ডিত,সাহিত্যাচাৰ্য ডঃ হৰিনাথ শৰ্মা দলৈৰ প্ৰতিচ্ছবিৰ ওচৰত বন্তি প্ৰজ্বলন কৰে  নলবাৰী জিলা সাহিত্য সভাৰ উপ-সভাপতি অতুল চন্দ্ৰ শৰ্মা আৰু নলবাৰী জিলা সাহিত্য সভাৰ মুখপাত্ৰ কমলেশ শৰ্মাই।মাল্যাৰ্পণ কৰে ডঃ হৰিনাথ শৰ্মা দলৈৰ সৰু জোঁৱায়েক অপূৰ্ব শৰ্মাই।

Your Comments