ঘগ্ৰাপাৰত দলঙৰ ওপৰৰ পৰা ৩০ ফুট দ' খাৱৈত পৰিল আমভৰ্তি ট্ৰাক:কথমপি প্ৰাণ ৰক্ষা চালকসহ দুজনৰ

Mango

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘগ্ৰাপাৰ চ'কৰ সমীপত বৃহস্পতিবাৰে পুৱা প্ৰায় ৪ মান বজাত এখন আমভৰ্তি বৃহৎ ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত প্ৰচণ্ড খুন্দা মাৰি প্ৰায় ৩০ ফুট দ' খাৱৈত বাগৰি পৰে।গাড়ীখনত থকা চালক আৰু হেন্দিমেন গৰাকী কথমপি ৰক্ষা পৰে। জানিব পৰা মতে এইচ আৰ ৩৮ ডি ৮০৬৩ (H R 38D 8063) নম্বৰ ট্ৰাকখনে প্ৰায় ২০ কুইন্টলতকৈ অধিক আম কঢ়িয়াই হাৰিয়ানাৰ পৰা গুৱাহাটী অভিমুখে গৈ থাকোতে উক্ত স্থানত দুটনাটো সংঘটিত হয়।নিচেই পুৱাই হোৱা প্ৰচণ্ড শব্দত সাৰ পাই স্থানীয় ৰাইজ ওলাই আহে দুৰ্ঘটনা সংঘটিত হোৱা ঠাইলৈ। আৰম্ভ হয় আম নিয়া প্ৰতিযোগিতা।মুহূৰ্ততে ভৰি পৰা ৰাইজে যিয়ে যেনেকৈ পাৰে আম নিয়াৰ বাবে লৰাধপৰা কৰে।ঘটনাৰ খবৰ পাই ঘগ্ৰাপাৰ থানাৰ আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
 

Your Comments