ঘগ্ৰাপাৰত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ 

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগতে অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ মুল‍্যবৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা কংগ্ৰেছৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ ব্লক কংগ্ৰেছ সমিতিয়ে এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।উল্লেখ্য যে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিগত এমাহ ধৰি ক্ৰমাগতভাৱে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি ঘটাই থকাৰ সময়তে বৃহস্পতিবাৰে কংগ্ৰেছ দলটোৱে কাৰ্যসূচীৰ অংশ হিচাপে ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ বড়িগোগ বনভাগ ব্লক কংগ্ৰেছ সভাপতি ভুৱনেশ্বৰ কলিতাই নেতৃত্ব বহন কৰা দলটোৱে ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ত উপস্থিত হৈ চক্ৰ বিষয়া নন্দিতা হাজৰিকাৰ হাতত এই স্মাৰকপত্ৰ প্ৰদান কৰে।কংগ্ৰেছৰ এই কাৰ্যসুচীত অংশগ্ৰহণ কৰে নলবাৰী জিলাৰ কংগ্ৰেছ প্ৰশাসনিক সাধাৰণ সম্পাদক লুটফুৰ ৰহমান,ঘগ্ৰাপাৰ মন্ডল কংগ্ৰেছৰ সভাপতি জীতেন শৰ্মা,কংগ্ৰেছ নেতা প্ৰদীপ কাকতি,নিতুল বৈশ‍্য,ওছমান আলী,চামচুল আহমেদ,ফিৰোজ আলী আদিয়ে।ইফালে, বড়িগোগ বনভাগ ব্লক কংগ্ৰেছ সমিতিয়ে এটা প্ৰেছ টোকাত কয় যে লকডাউনজনিত বিত্তীয় পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কেৱল পেট্ৰ'ল - ডিজেলৰ নিচিনা জনসাধাৰণৰ সকলো অংশৰ মানুহৰ সততে প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ঘটাই ৰাজকোষ টনকিয়াল কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত চূড়ান্ত হঠকাৰী।ইয়াতা তাৎক্ষণিকভাৱে পুনৰ বিবেচনা কৰি মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায় ৷ 

 

Your Comments