হাজোত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন 

Hajo

হাজোৰ পৰা কমলাকান্ত দাস:

তীৰ্থনগৰী হাজোত বিধায়িকা সুমন হৰিপ্ৰিয়াই মঙলবাৰে আধাৰশিলা স্থাপন কৰে দহ কোটি ব্যয় সাপেক্ষ এটা বহুমুখী ক্ৰীড়া প্ৰকল্পৰ।হাজো এচবিএচকেআৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ চৌহদত অসম চৰকাৰৰ ছিগনেচাৰ প্ৰকল্পৰ আঁঁচনিৰ অধীনত এই দহ কোটি টকা ব্যয় সাপেক্ষ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন উপলক্ষে হাজো লৌহমানৱ মানৱ বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত      অনুষ্ঠিত সভাত বিধায়িকাগৰাকীয়ে কয় যে খেলপথাৰৰ অভাৱত অনেক প্ৰতিভাৱান খেলুৱৈ লোকচক্ষুত ধৰা নপৰাকৈ নিজ পৰিয়াল আৰু বাসগৃহৰ ভিতৰতে আৱদ্ধ থাকিব লগীয়াত পৰিছে।তেনে প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ বাবে এই বহুমুখী ক্ৰীড়া প্ৰকল্প হ'ব ভৱিষ্যতৰ দিকদৰ্শকস্বৰূপ।হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতাৰ পৌৰোহিত্যত  অনুষ্ঠিত  সভাত বিধায়িকা হৰিপ্ৰিয়াই পুনৰ কয়,এই বহুমুখী ক্ৰীড়া প্ৰকল্পটোয়ে হাজোবাসী ৰাইজৰ এটা দীৰ্ঘদিনীয়া সপোন দিঠকত পৰিণত কৰিব।প্ৰকল্পটোৰ নিৰ্মাণ-কাৰ্য্য প্ৰায় ছমাহৰ ভিতৰত সম্পন্ন হ'ব বুলিও তেওঁ সদৰি কৰে।অনুষ্ঠানত কামৰূপ জিলা পৰিষদৰ সভানেত্ৰী ৰীতা তালুকদাৰ,বিজেপি নেতা জীতেন্দ্ৰ পাটোৱাৰী,উত্তৰ হাজো মণ্ডল বিজেপিৰ সভাপতি তিলক শৰ্মা,নীলকান্ত দাস, বিজেপি নেতা নৱজ্যোতি দাস,হাজো ৰাইজৰ সভাপতি গোলোক ওজা,সম্পাদক গৌতম শইকীয়াসহ কেইবাগৰাকীও নেতা- কৰ্মী উপস্থিত থাকে।

Your Comments