গুৱাহাটীত ক'ৰ'নাৰ গণ সংক্ৰমণ আৰম্ভ নেকি?

Corona

বৃহস্পতিবাৰে কামৰূপ(ম) জিলাত ধৰা পৰা ক'ৰ'না ভাইৰাছত আক্রান্ত দুজন লোকৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী।

মালিগাঁও গোশালৰ পানী টেংকীৰ সমীপৰ স্বপ্না বৰুৱা নামৰ আক্রান্ত মহিলাগৰাকী  নাছিল কোনো ট্ৰেভেল হিষ্ট্ৰী।গোশালাত গেলামালৰ দোকান আছিল মহিলাগৰাকী।ধৰা পৰাৰ আগলৈকে দোকানত আছিল মহিলাগৰাকী।

ইফালে,গীতানগৰৰ সঞ্জীৱ চেত্ৰী নামৰ ৩৫ বছৰীয়া আক্রান্ত যুৱকজনৰো নাই কোনো ট্ৰেভেল হিষ্ট্ৰী।দীৰ্ঘদিন জ্বৰ-কাঁহত আক্রান্ত যুৱকজনক যোৱা ১জুনত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কৰা হৈছিল ক'ৰ'না পৰীক্ষা।তাতে ধৰা পৰিছে যুৱকজন ক'ৰ'না আক্রান্ত বুলি।

আনহাতে,স্বাস্থ্য বিভাগে গণ সংক্ৰমন হৈছে নে নাই,সেই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই।

Your Comments