এটা সুখবৰ।ৰাজ্যত প্ৰতিদিনে সুস্থ হৈছে ক'ৰ'না ভাইৰাছ আক্রান্ত।বুধবাৰৰ দিনটোত মুঠ ৭৬জন ৰোগী সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে।তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱাত ৰিলিজ দিয়া হয়।সুস্থ হোৱা লোকসকলৰ ৩৯ গৰাকী সোণাপুৰ অসামৰিক চিকিৎসালয়ত,১০ গৰাকী ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত,৭ গৰাকী ডিমা হাচাও অসামৰিক চিকিৎসালয়ত,৪ গৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত,২ গৰাকী শিলচৰ চিকিৎসা মহাবিদ্যালয়ত,এগৰাকী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত,৫ গৰাকী গোলাঘাট অসামৰিক চিকিৎসালয়ত আৰু ৫ গৰাকী লখিমপুৰ অসামৰিক চিকিৎসালয়ত আছিল।এই কথা সদৰি কৰিলে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ যে ৰাজ্যত মুঠ সুস্থ হৈ উঠা আক্রান্ত সংখ্যা ৪১৩জনলৈ বৃদ্ধি পালে।ৰাজ্যত মুঠ আক্রান্ত হৈছে ১৬৭২ জন।
- Log in to post comments
- 29 views