কাৰাৰুদ্ধ চাৰি কৃষক নেতা অখিল গগৈ,ধৈৰ্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, চমুকৈ 'নিয়া'ই আদালতত দাখিল কৰা অভিযোগনামা সন্দৰ্ভত মুখ খুলিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে।সংগঠনটোৰ সভাপতি ভাস্ক'-ডি শইকীয়াই তদন্তৰ প্ৰতিবেদনৰ অভিযোগসমূহ উল্লেখ কৰি সংবাদমেল সম্বোধন কৰে।তেওঁ কয়-"দুজন পৰিচয়বিহীন গোপন ৰাজসাক্ষীৰ বাহিৰে নিয়া চার্জশ্বিটত কৃষক মুক্তিৰ নেতৃবৃন্দৰ বিৰুদ্ধে সাক্ষ্য প্ৰমাণেই নাই।পৰিচয় গোপন কৰা ৰাজসাক্ষী দুজনেই হৈছে নিয়াৰ একমাত্ৰ অস্ত্ৰ"
'যোৱা ২৯মে'ৰ দিনা নিয়াৰ আদালতত অতিৰিক্ত আৰক্ষী অধীক্ষক ধনৰাম সিঙে চার্জশ্বিট দাখিল কৰে।তিনিমাহত চার্জশ্বিট দাখিলত ব্যৰ্থ হৈ তদন্তকাৰী সংস্থাটোৱে ১৬৫দিনত দাখিল কৰে অভিযোগনামা।ভাৰতীয় দণ্ড বিধি ১২০ বি/১২৪ এ/১৫৩এ/১৫৩বি আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা ১৮ আৰু ৩৯ অভিযোগেৰে চার্জশ্বিট দাখিল কৰে'-সভাপতি শইকীয়াই কয়।'মুঠ ৪০ পৃষ্ঠা যোৰা প্ৰতিবেদনৰ কেৱল ১৯ পৃষ্ঠাহে অভিযোগ।বাকী অংশ সংলগ্ন নথিৰ তথ্য।দেশৰ ভিতৰতে নিয়াৰ হয়তো এইখনেই সকলোতকৈ সৰু চার্জশ্বিট'-তেওঁ লগতে কয়।
চার্জশ্বিট অভিযোগেৰে ভৰি আছে,কিন্তু তথ্য প্ৰমাণ একো নাই বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় অভিযোগ তিনিটা আছে-"মাওবাদীৰ লগত অখিল গগৈৰ এসময়ত সভা হৈছিল আৰু অখিল গগৈয়ে কৃষক মুক্তিৰ সদস্যক ৰাজ্যৰ বাহিৰত মাওবাদীৰ প্ৰশিক্ষণ দি আনিছিল।গতিকে গগৈৰ মাওবাদী লগত যোগাযোগ আছে।"
"ধৈৰ্য কোঁৱৰ,মানস কোঁৱৰ আৰু বিতু সোনোৱালে অখিল গগৈৰ মতাদৰ্শক সমৰ্থন কৰে আৰু তেওঁলোকৰ মতাদৰ্শ মাওবাদীৰ দৰে।"
"চাৰিওজনে ২০১৯ চনৰ ডিচেম্বৰ মাহত অসমত 'কা'ৰ বিৰুদ্ধে ব্যাপক আন্দোলন,পথ অৱৰোধ কৰি চৰকাৰৰ প্ৰশাসনযন্ত্ৰক অচল কৰিছিল,যিটো মাওবাদী ধৰণৰ আন্দোলন আছিল"-প্ৰতিবেদনত উল্লেখ আছে।
ইফালে,এই অভিযোগ সন্দৰ্ভত সভাপতি শইকীয়াই কয়-"অখিলৰ মাওবাদীৰে সভা হোৱা বা অভিযোগ অনুসৰি সম্পৰ্ক থকাৰ কোনো প্ৰমাণ,দলিল,সাক্ষ্য নাই।এই ভুৱা অভিযোগ জাপিবলৈ পৰিচয় গোপন কৰা দুজন ৰাজসাক্ষী থিয় কৰোৱা হৈছে।চৰকাৰী পোহনীয়া,ভেৰোণীয়া কোনো লোকক বোধহয় সাজু কৰা হৈছে।"ধন-বিত প্ৰদান কৰি অখিলৰ বিৰুদ্ধে সেইসকলক ক'বলৈ প্ৰৰোচিত কৰা হ'ব বুলি শইকীয়াই আশংকা কৰে।
তাৎপৰ্যপূৰ্ণ যে কাৰাৰুদ্ধ কৃষক নেতাকেইজনক মাওবাদী বুলি প্ৰমাণ কৰিবলৈ নিয়াই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যালয়ৰ পৰা জব্দ কৰা কেইখনমান বাওঁপন্থী কিতাপ প্ৰমাণ হিচাপে থিয় কৰাইছে।
'কা' আন্দোলনত ব্যাপক হিংসা সংঘটিত হোৱাৰ প্ৰমাণ দিবলৈ অসম পুলিচ আৰু সংবাদ মাধ্যমৰ পৰা সংগ্ৰহ কৰা কেইটামান ভিডিঅ' অভিযোগনামাত গাঁঠি দিয়া বুলিও শইকীয়াই কয়।লগতে কয় যে অখিলে 'কা' আন্দোলনৰ নেতৃত্ব দিয়াৰ প্ৰমাণ দিবলৈ Youtube ৰ পৰা কেইটামান তেওঁৰ ভাষণ তথ্য -প্ৰমাণ হিচাপে দাঙি ধৰা হৈছে।কিন্তু ক'তো হিংসাৰ আশ্ৰয় লোৱাৰ প্ৰমাণ নাই।
"প্ৰতিবেদনত চাৰিওজনে লগ লাগি অপৰাধমূলক ষড়যন্ত্ৰ কৰা দেখুৱাবলৈ ফোনৰ CDR বিশ্লেষণ এটা দিয়া হৈছে।য'ত কোৱা হৈছে তেওঁলোকে বিভিন্ন সময়ত নিজৰ মাজত ফোনেৰে যোগাযোগ ৰক্ষা কৰিছিল"-শইকীয়াই কয়।
নিয়াই ছয় মাহৰ তদন্তত অখিলসহ আৰু আন তিনিজনৰ ৰাষ্ট্ৰদ্ৰোহ,মাওবাদীৰ লগত সম্পৰ্ক, অপৰাধমূলক ষড়যন্ত্ৰ আৰু দুটা গোটৰ মাজত সংঘাত লগোৱাৰ অভিযোগৰ প্ৰমাণ কৰিবলৈ কোনো তথ্য,প্ৰমাণ,সাক্ষ্য,দলিল গোটাব পৰা নাই বুলি সভাপতি শগৰাকীয়ে কয়।দলিলৰ নামত অখিলৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত আন্দোলন কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন থানাত পঞ্জীয়ন হৈ থকা গোচৰসমূহৰ ৬৪ টা এফআইআৰ দিয়া হৈছে।
লগতে,কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী কৰে যে ততালিকে কাৰাৰুদ্ধ কৃষক নেতাকেইজনক জামিনত কাৰাগাৰৰ পৰা মুক্ত কৰক।অন্যথা সামাজিক দূৰত্ব মানি আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।
- Log in to post comments
- 26 views