ৰাজ্যত ক'ৰ'না ভাইৰাছ আক্রান্তৰ সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰাৰ সময়তে আছে এটা ভাল খবৰ।শনিবাৰে পুনৰ ৩৮জন আক্রান্ত সুস্থ হয় ৰাজ্যত।শিলচৰ মেডিকেল কলেজ হাস্পতালত ১৪ জন,মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ১১ জন,বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত ৮জন,যোৰহাট মেডিকেল কলেজত ৩ জন আৰু গুৱাহাটী মেডিকেল কলেজত ২জন আক্রান্ত সুস্থ হয়।এই কথা অৱগত কৰে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।সুস্থ হৈ উঠা আটাইকেইজন লোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।
বৰ্তমান ৰাজ্যত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা ১৬৩ জনলৈ বৃদ্ধি পাইছে।
উল্লেখ যে ৰাজ্যত মুঠ আক্রান্ত হৈছে ১১০০ জন লোক।বৰ্তমান চিকিৎসালয়ত আছে ৯৩০জন।
- Log in to post comments
- 28 views